ETV Bharat / state

অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ - অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

108 Ambulance service inaugurated by Pema Khandu
অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা উদ্বোধন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ
author img

By

Published : Jun 23, 2021, 1:43 PM IST

তেজপুৰ, ২৩ জুন: এতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল প্ৰদেশৰ ৰাইজে । মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এম্বুলেন্স সেৱা মুকলি কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী খাণ্ডুয়ে এম্বুলেন্স সেৱাৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাৰ বিষয়ে বৰ্ণনা কৰে ।

Ambulance service inaugurated by Pema Khandu
অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা উদ্বোধন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

তেওঁ মকড্ৰিলৰ জৰিয়তে এম্বুলেন্স সেৱাৰ সুবিধাৰ বিষয়ে বুজাবলৈ প্ৰয়াস কৰে । নিজেই ফোন কৰি ১০৮ এম্বুলেন্স সেৱাৰ পৰা সহায় বিচাৰে আৰু দুৰ্ঘটনাত পতিত লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত এম্বুলেন্সৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলকো বুজাবলৈ চেষ্টা কৰে । ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত এম্বুলেন্স নাছিল ৰাজ্যখনত । সেয়ে, হায়দৰাবাদৰ জি ভি কে(EMRI) নামৰ প্ৰতিষ্ঠানটোৰ লগত পাঁচ বছৰৰ বাবে এক চুক্তি স্বাক্ষৰ কৰি এই ১০৮ সেৱাৰ দায়িত্ব দিছে ।

১০৮ এম্বুলেন্স সেৱাৰ অধীনত মুঠ ৫৪ খন এম্বুলেঞ্চ ৰাজ্যখনৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰে । এই অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী চাওনা মেন, স্বাস্থ্য মন্ত্ৰী আলো লিবাং উপস্থিত থাকে । উল্লেখ্য যে, পূৰ্বে ৰাজ্যখনৰ চিকিৎসালয়ত এম্বুলেন্স সেৱা আছিল যদিও ১০৮ এম্বুলেন্স সেৱা উপলব্ধ নাছিল ।

এম্বুলেন্স চলোৱাৰ বাবে ইতিমধ্য ১৩৩ জন প্ৰশিক্ষিত চালকক নিযুক্তি দিয়া হৈছে । স্বাস্থ্যকৰ্মী আৰু প্ৰাথমিক চিকিৎসা সহায়ক সঁজুলি থাকিব প্ৰতিখন এম্বুলেন্সতে । কেৱল ১০৮ নম্বৰ ডায়েল কৰি এম্বুলেন্সৰ বিচাৰিব পাৰিব । যিকোনো স্থানৰ পৰা জৰুৰীকালীন সময়ত সহায় বিচাৰিব পাৰিব ।

লগতে পঢ়ক:কলগাছিয়াত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.