তেজপুৰ,৯ মে :এশ বছৰ পূৰ্ণ হ'ল দেশ জোকাৰি যোৱা জালিৱানৱালাবাগ গণহত্যা কাণ্ডৰ । যোৱা ১৩ এপ্ৰিল তাৰিখে শতবৰ্ষ অতিক্ৰম কৰে জালিৱানৱালাবাগ হত্যাকাণ্ডই । ভাৰত বুৰঞ্জীৰ এই কাহিনীৰ আলম লৈ গণহত্যাৰ এশ বছৰীয়া স্মৃতিৰ লগতে কৃষক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অহা ৩০ মে'ত জ্যোতি ভাৰতীৰ চৌহদত সন্ধিয়া মঞ্চস্থ কৰা হ'ব " জালিৱানৱালাবাগ " শীৰ্ষক নামৰ ব্যতিক্ৰমী নাটক ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতী আৰু উত্তৰ পূৰ্বাঞ্চলৰ মণ্ডলীক সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ যৌথ উদ্যোগত তেজপুৰৰ প্ৰতিষ্ঠিত নাট্য দল অসম ৰেপাৰেটৰীৰ নিবেদনত নাট্যকাৰ পুলক কুমাৰ ডেকাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত হ'ব লগা নাটক খনৰ আনুষ্ঠানিকভাৱে জ্যোতি ভাৰতীৰ ৰূপকোঁৱৰ মঞ্চত বুধবাৰে শুভ মহুৰত সম্পন্ন হয় । বাণ থিয়েটাৰৰ সভাপতি গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই বন্তি প্ৰজ্বলনৰে শুভ মহুৰত সম্পন্ন কৰে ।