ETV Bharat / state

ৰঙা বাছৰ প্ৰতীক চিহ্নৰ সৃষ্টিকৰ্তাই উদযাপন কৰিলে শতবৰ্ষ

ট্ৰেন্সপৰ্টৰ ৰঙা বাছখনলৈ মনত পৰেনে ? এটা সময় আছিল, ট্ৰেন্সপৰ্টৰ বাছ বুলিলে বুলিবৰ নাই ৷ সেই যে ৰঙা বাছখন ! ধূলি উৰুৱাই গাঁৱৰ মাজেৰে চলি যোৱা ৰঙা বাছখন ! মনত পৰিছেনে আপোনাৰ ৰিণিকি ৰিণিকি ? বাছখনৰ দুয়োকাষে অঁকা থাকে একোটা গঁড়ৰ ছবি ৷ চাওঁ আহক এক বিশেষ প্ৰতিবেদন

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:26 PM IST

Updated : Nov 25, 2023, 11:28 AM IST

Shoukat Ali astc logo
ৰঙা বাছৰ প্ৰতীক চিহ্নৰ সৃষ্টিকৰ্তাই উদযাপন কৰিলে শতবৰ্ষ
ৰঙা বাছৰ প্ৰতীক চিহ্নৰ সৃষ্টিকৰ্তাই উদযাপন কৰিলে শতবৰ্ষ

তেজপুৰ, 24 নৱেম্বৰ : আজিৰ পৰা প্ৰায় তিনি-চাৰি দশক পূৰ্বলৈকে দৌৰি থকা এটা গঁড়ৰ ছবি গাত আঁকি অসমৰ বাটে-পথে দেখা পোৱা গৈছিল ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাছ ৷ কালৰ সোঁতত এতিয়া সেই ৰঙা বাছ বিলীন হৈ গ’ল ৷ তাৰ স্থান ল’লে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত শীত-তাপ নিয়ন্ত্ৰিত নতুন নতুন বাছে ৷ অসমৰ বাটে-পথে চেঁকুৰিবলৈ আৰম্ভ কৰিলে CNG বাছো ৷ এৰা ! এয়াই পৰিৱৰ্তন ৷

বাছৰ পৰিৱৰ্তন হ’ল ঠিকেই, কিন্তু একেই থাকিল পৰিবহন নিগমৰ সেই বিশেষ প্ৰতীক চিহ্নটো ৷ দুৰন্ত গতিত দৌৰি থকা এটা গঁড় ৷ অসম ৰাজ্যিক পৰিবহন নিগম বুলিলেই প্ৰথমেই চকুৰ আগত ভাঁহি উঠে সেই গঁড়ৰ প্ৰতীক চিহ্ন ৷ সি যেন কেৱল এটা প্ৰতীকেই নহয়, দুৰন্ত গতিত ধাৱমান সেই গঁড়টো যেন পৰিবহন নিগমৰ স্বাভিমান, গৰিমা আৰু অনন্য পৰিচয় ৷

পিছে বহুতেই নাজানে আজিও অসমৰ মানুহৰ স্মৃতিত সজীৱ হৈ থকা পৰিবহন নিগমৰ সেই বিশেষ প্ৰতীক গঁড়টোৰ বিষয়ে ৷ নাজানে চকু মুদিলেই ভাঁহি অহা দুৰ্বাৰ গতিৰে আগবঢ়া সেই গঁড়টোৰ সৃষ্টিকৰ্তাৰ বিষয়ে ৷ পৰিবহন নিগমৰ প্ৰতীক সেই বিশেষ গঁড়টোৰ সৃষ্টিকৰ্তা কোন আছিল জানেনে ? নাম তেওঁৰ চৌকত আলী ৷ চৌকত আলীয়েই আঁকিছিল পৰিবহন নিগমৰ প্ৰতীক সেই বিশেষ গঁড়টো ৷

বিশেষ গঁড়টোৰ আঁৰৰ আচল মানুহজন বয়সৰ লেখেৰে 100 বছৰীয়া হ’ল ৷ আজি তেওঁৰ জন্মদিন ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত চিত্ৰশিল্পৰ জগতত পদাৰ্পন কৰা চৌকত আলীক জন্মদিনৰ শুভেচ্ছা জনালে বহুতে ৷ 1928 চনৰ 24 নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰা চৌকত আলী আছিল এগৰাকী দক্ষ খেলুৱৈ ৷ ইয়াৰোপৰি তেওঁ আছিল চিত্ৰশিল্পী, অভিনেতা ৷

১৯৪৩ চনৰ পাচৰে পৰা মহাৰানা ক্লাবৰ হৈ সুদীৰ্ঘ ২০ বছৰ ধৰি চৌকত আলীয়ে খেলাৰ লগতে ৪০ ৰ দশকত মহাৰানাৰ হৈ গুৱাহাটীত অনুষ্ঠিত হকী দলৰ কেপ্তেইনো আছিল তেওঁ । ১৯৪৮ চনত গুৱাহাটীৰ Young Union ৰ হৈ সৰ্বভাৰতীয় ট্ৰফী অনা ফুটবল দলটোৰ গ’লকীপাৰো আছিল চৌকত আলী ।

ব্ৰিটিছ শাসনৰ কালত অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰথমগৰাকী অধ্যক্ষৰ দিনত খেলুৱৈ হিচাবে চৌকত আলীয়ে চাকৰিত যোগদান কৰিছিল আৰু ১৯৭১ চনত নিজৰ চিত্ৰশিল্পৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ আন কেইবাগৰাকীও শিল্পীয়ে নিগমৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল যদিও অৱশেষত নিগম কৰ্তৃপক্ষই চৌকত আলীৰ ছবিখনহে নিগমৰ প্ৰতীক হিচাবে গ্ৰহণ কৰে ।

কিন্তু অসম চৰকাৰৰ পৰা আজিও কোনোধৰণৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম নহ’ল চৌকত আলীয়ে । অসম চৰকাৰৰ পৰিবহন নিগমৰ পৰা আজিলৈকে তেওঁ মাত এষাৰো নাপালে । কোনেও নল’লে তেওঁৰ কুশল বাৰ্তাও ৷ হয়তো আজিৰ পৰিবহণ নিগমৰ কাৰ্যালয়ৰো বহুতে নাজানে চৌকত আলীৰ বিষয়ে, হয়তো শুনাই নাই তেওঁৰ নাম ৷

অথচ আক্ষেপ নাই 100 বছৰীয়া চৌকত আলীৰ । শতবৰ্ষ স্পৰ্শ কৰা চৌকত আলী কুশলে থাকক, ইটিভি ভাৰতৰ তৰফৰ পৰাও তেওঁলৈ জন্মদিনৰ শুভকামনা ।

লগতে পঢ়ক : দুখন বাহন, একেটাই পঞ্জীয়ন নম্বৰ : উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিল পৰিবহন বিভাগ

Last Updated : Nov 25, 2023, 11:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.