ETV Bharat / state

কৰ'ণা নিৰ্মূলৰ ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰে

অৱশেষত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষৰ বাবে স্বতিৰ নিঃশ্বাস ৷ কৰ’ণা মুক্ত হ’ল ক’ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কাৰাগাৰৰ ১৯৬ গৰাকী কাৰাবন্দী ৷ শনিবাৰে এই কথা জানিবলৈ দিয়ে কাৰাগাৰ বিষয়া ৰাজু কুমাৰ চৌধুৰীয়ে ৷

100 percent Covid Free Tezpur Central Jail

author img

By

Published : Aug 29, 2020, 8:49 PM IST

তেজপুৰ, 29 আগষ্ট: ক’ভিড-19 প্ৰতিৰোধৰ যুদ্ধত আদৰ্শ দেখুৱালৈ সক্ষম হৈছে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰে ৷ এশ শতাংশ কৰ’ণা মুক্ত হ’ল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ ৷ সমগ্ৰ দেশৰ কাৰাগাৰ সমূহতেই দেখা দিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ মাজতেই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰশংসনীয় নিদৰ্শন । ইতিমধ্যে কাৰাগাৰৰ 196 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

কৰ’ণা মুক্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
কৰ’ণা মুক্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

সমগ্ৰ দেশৰেই কাৰাগাৰ সমূহতেই দেখা দিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বহু কাৰাবন্দীক মুকলি কৰি দিয়া হৈছিল ৷ ব্যতিক্ৰম নাছিল অসমৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰ সমূহো ৷

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত শনিবাৰ দিনটোলৈ আছে মুঠ 474 গৰাকী কাৰাবন্দী ৷ পূৰ্বে ইয়াৰ সংখ্যা আছিল আঠশৰো অধিক ৷ ইপিনে ক’ভিড-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মধ্যৱৰ্তিকালীন জামিনত মুকলি কৰা হৈছে বহু কাৰাবন্দীক । ক’ভিড-19 ৰ বাবে বৰ্তমানলৈকে তেজপুৰ কাৰাগাৰৰ প্ৰায় 85 গৰাকী কাৰাবন্দীক ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মুকলি কৰাৰ লগতে 2 জনক পেৰলত যাবলৈ দিয়া বুলি জানিবলৈ দিয়ে কাৰাগাৰ বিষয়া ৰাজু কুমাৰ চৌধুৰীয়ে ৷

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

ইপিনে কাৰাগাৰখনত এখন আছুতীয়া কক্ষ খুলি ক’ভিড আক্রান্ত সকলৰ চিকিৎসা প্ৰদান, প্ৰতিটো বিভাগ চেনিটাইজ কৰি থকাৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ দল সমূহে কাৰাগাৰত কাৰাবন্দী সকলক নিতৌ স্বাস্থ্য পৰীক্ষাও চলাই গৈছিল ।

এশ শতাংশ কৰ’ণা মুক্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ

জিলা দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে কাৰাগাৰত বৰ্তমানে নতুন লোকৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে । ইপিনে নতুন কাৰাবন্দীক সকলক প্ৰথমে ক’ভিড পৰীক্ষা কৰি তাৰ পাচত আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা কৰিছে জেল কৰ্তৃপক্ষই ৷

লগতে চাওক-অসম আন্দোলনৰ নেতা অকণ মল্ল বৰুৱাৰ দেহৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.