ETV Bharat / state

বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ এইবাৰৰ কাৰ্য নিৰ্বাহক শিৱসাগৰত

author img

By

Published : Sep 26, 2020, 10:00 PM IST

শিৱসাগৰত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব বিজেপিৰ ৰাজ্যিক যুৱ মর্চাৰ কার্য নিৰ্বাহক সভা ৷ নৱ গঠিত যুৱ মর্চাৰ প্ৰথমখন দুদিনীয়া কার্য নিৰ্বাহক সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷

Yuva marsa central executive will be held at Sivsagar in October
বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ এইবাৰৰ কাৰ্য নিৰ্বাহক শিৱসাগৰত

শিৱসাগৰ, 26 ছেপ্তেম্বৰ: অহা 3 আৰু 4 অক্টোবৰত শিৱসাগৰৰ অ এন জি চি চৌহদৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব বিজেপিৰ নৱ গঠিত যুৱ মর্চাৰ প্ৰথমখন দুদিনীয়া কার্য নিৰ্বাহক সভা ৷ সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ বহু কেই গৰাকী শীর্ষ নেতা ৷ আনহাতে 39 খন সাংগঠনিক জিলাৰ পৰা 4 গৰাকীকৈ প্ৰতিনিধি আৰু প্ৰতিখন জিলাৰ পৰা 2 গৰাকীকৈ যুৱতীয়ে এই সভাত অংশগ্ৰহণ কৰিব ৷ শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা জনাইছে সভাৰ উদ্যোক্তাই ৷

এই সভাতেই বর্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট, আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচন, চ'ছিয়েল মিডিয়া ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব বুলি এখন সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিলে বিজেপিৰ যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে ৷ সংবাদমেল খনত উপস্থিত থাকে শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, দলৰ শীর্ষ নেতা ময়ুৰ বৰগোহাঁইৰ লগতে যুৱ মর্চাৰ বহুকেই গৰাকী বিষয় ববীয়া ৷

লগতে পঢ়কঃ অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.