ETV Bharat / state

কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা আমগুৰিৰ যুৱক নিৰুদ্দেশ

চলন্ত ৰে’লৰ পৰাই যুৱকজন অন্তৰ্ধান হোৱা ঘটনাক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই ৷

author img

By

Published : Jun 6, 2019, 10:24 AM IST

জগত বৰুৱা

আমগুৰি, 06 জুন : পুনৰ নিৰুদ্দেশ হ'ল কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা অসমৰ যুৱক ৷ বিগত 1 জুনত আমগুৰি ঘোৰাচোৱা গাঁৱৰ যুৱক জগত বৰুৱা (25) শিমলুগুৰিৰ পৰা দুই আত্মীয়ৰ সৈতে ৰে’লযোগে বেংগালুৰুৰ কৰ্মস্থলীলৈ ৰাওনা হৈছিল ৷

বহি:ৰাজ্যলৈ যোৱা আমগুৰিৰ যুৱক নিৰুদ্দেশ

তেনে সময়তে নিশা প্ৰায় 2 বজাত জগতৰ আত্মীয়ই জগত নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইপিনে বিগত পাঁচ দিন ধৰি জগতৰ পৰিয়ালে সন্ধানহীন জগত বৰুৱাৰ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালটো উদ্বিগ্ন হৈ থকাৰ লগতে ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিগত চাৰি বছৰ ধৰি বেংগালুৰুত ইলেকট্ৰিকেলৰ কাম কৰি স্বাৱলম্বী হোৱা যুৱকজন চলন্ত ৰে’লৰ পৰাই অন্তৰ্ধান হোৱা ঘটনাক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই ৷ জগতৰ ভাতৃও কৰ্মসূত্ৰে বেংগালুৰুত থাকে যদিও বৰ্তমানলৈ জগতৰ কোনো শুংসূত্ৰ লাভ নকৰাত যুৱকজন দুৰ্বৃত্তৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷

Intro:Body: Youth Missing. Way to Bangalore
Samiran Duarah
Amguri
6/6/2019

আমগুৰি:৬ জুন:

কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা অসমৰ এজন যুৱক নিৰুদ্দেশ

ৰেলৰপৰাই নিৰুদ্দেশ হৈছে যুৱকজন

আমগুৰি ঘোৰাচোৱা গাঁওৰ যুৱকজনৰ নাম জগত বৰুৱা(২৫)

যুৱকজন যোৱা ১ জুনত শিমলুগুৰিৰ পৰা দুই আত্মীয়ৰ লগত ৰেলযোগে বাংগালোৰলৈ কৰ্মস্থলীলৈ ৰাওনা হৈছিল।

ৰেলযোগে যোৱাৰ পিছতে নিশা প্ৰায় ২ বজাত জগতৰ আত্মীয় তথা নিচায়েকৰ পুত্ৰ জগন্নাথ বৰুৱাই পৰিয়ালক ৰেলত নিৰুদ্দেশ হোৱা বুলি অৱগত কৰে।ঘটনাৰ পিছতে জগতৰ পৰিয়ালে লগত যোৱা দুই যুৱকলৈ ফোন কৰি সবিশেষ তথ্য বিচাৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে। আনহাতে যোৱা পাঁচদিনে জগত বৰুৱাৰ পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালটো উদ্বিগ্ন হৈ থকাৰ লগতে ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্মতব্য যে যোৱা চাৰি বছৰ ধৰি বাংগালোৰত ইলেক্টিকেলৰ কাম কৰি স্বাৱলম্বী হোৱা যুৱকজন চলন্ত ৰেলৰপৰাই অন্তৰ্ধান হোৱাত পৰিয়ালৰ লোকে সহজভাৱে লব পৰা নাই। জগতৰ ভাতৃও কৰ্মসূত্ৰে বাংগালোৰত থাকে যদিও বৰ্তমানলৈ শুংসূত্ৰ লাভ নকৰাত যুৱকজন দুবৃত্তৰ কৱলত পৰাৰ সন্দেহ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.