ETV Bharat / state

বিশ্ব পৰ্যটন দিৱস: মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

আজি ৰাষ্ট্ৰ সংঘৰ বিশ্ব পৰ্যটন দিৱস । ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰ সংঘৰ উদ্যোগত এই দিৱস উদযাপন কৰি অহা হৈছে । কিন্তু বিগত ৪০ বছৰত এই দিৱস আজিৰ দৰে কেতিয়াও পালন কৰা হোৱা নাছিল । এই বৰ্ষত কৰ'ণা অতিমাৰীৰ বাবে ম্লান পৰি ৰ'ল এই দিৱস ৷

মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ
মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ
author img

By

Published : Sep 27, 2020, 7:04 PM IST

শিৱসাগৰ, 27 ছেপ্তেম্বৰ: ১৯৮০ চনৰ ২৭ ছেপ্তেম্বৰত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস ৷ প্ৰতি বছৰে বিশ্বৰ এখন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত এই দিৱস পালন কৰি অহা হৈছে ৷ বিগত বছৰত ভাৰতত উদযাপন হৈছিল এই দিৱস ৷ কিন্তু এই বছৰ দক্ষিণ আমেৰিকাৰ দেশ গোটৰ উদ্যোগত এই দিৱস উদযাপন কৰা হৈছে ৷ অসম চৰকাৰে ইতিমধ্যে এই দিৱস উপলক্ষে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত শিৱসাগৰতো পৰ্যটন দিৱস উদযাপন কৰা হৈছে অনুষ্টুপীয়া কাৰ্যসূচীৰ মাজেৰে ৷ এই বছৰৰ পৰ্যটন দিৱসৰ বিশেষ লক্ষ্য গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন ৷

বিশ্ব পৰ্যটন দিৱস: মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

উল্লেখ্য যে, কৰ'ণা অতিমাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে, বিশেষকৈ প্ৰভাৱিত কৰিছে পৰ্যটন ক্ষেত্ৰটোক ৷ ইতিমধ্যে বিশ্বৰ প্ৰায় ১০ ৰ পৰা ১২ কোটি পৰ্যটন খণ্ডৰ সৈতে জড়িত লোকে সংস্থাপন হেৰুৱাৰ উপক্ৰম হৈছে এই মহামাৰীয়ে সৃষ্টি কৰা মন্দাৱস্থাৰ বাবে ৷ ব্যতিক্ৰম নহয় অসমৰ অন্যতম পৰ্যটনস্থলী শিৱসাগৰ ৷ আহোম ৰাজত্বৰ পৰা বৃটিছ ওপনিৱেশৰ স্বাক্ষৰ বহন কৰা পৰ্যটনস্থলী শিৱসাগৰ সম্প্ৰতি পৰ্যটক শূন্য ৷

মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ
মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

শিৱসাগৰৰ তলাতল ঘৰ,ৰংঘৰ,কাৰেংঘৰ, বিষ্ণু দল,চৰাইদেউ ময়দাম এই পাঁচ প্ৰাচীন কীৰ্তিচিহ্নত বিগত বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত মুঠ ঘৰুৱা পৰ্যটকৰ সংখ্যা আছিল ৩,৪৯,০২৬ আৰু বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৩,১৯৯ ৷ কিন্তু চলিত বৰ্ষৰ প্ৰথমাৰ্ধতে ইয়াৰ পৰিমাণ 65 শতাংশ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ যিয়ে ক্ষতিগ্ৰস্ত কৰিছে এই ক্ষেত্ৰত খনৰ লগত জড়িত একাংশ লোককো ৷

আৰ্থিক মন্দাৱস্থাই জুৰুলা কৰিছে পৰ্যটন ক্ষেত্ৰক ৷ যাক পুনৰুজ্জীৱিত কৰাৰ বাবে হয়তো প্ৰয়োজন হ'ব যথেষ্ট সময়ৰ ৷ পৰ্যটকৰ অভাৱত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে গাইড সকলৰ ৷ সেয়ে ভাল দিন ঘূৰি অহাৰ আশা কৰাৰ লগতে তেওঁলোকৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰ্যটন বিভাগক অনুৰোধ জনালে এগৰাকী গাইডে ৷ পৰ্যটন ক্ষেত্ৰখনক পুনৰুজ্জীৱিত কৰাৰ বাবে পাৰ্যমানে চেষ্টা কৰাৰ আশ্বাস বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰিছে যদিও, সেইয়া কিমান দূৰ সম্ভৱ হয় সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: বিশ্ব পৰ্যটন দিৱস উপলক্ষে ওড়িশাৰ সমুদ্ৰতীৰত নান্দনিক বলুকাশিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.