ETV Bharat / state

বিশ্ব ঘৰচিৰিকা দিৱস বিশেষ

author img

By

Published : Mar 20, 2022, 4:12 PM IST

আজি 20 মাৰ্চ ৷ অৰ্থাৎ বিশ্ব ঘৰচিৰিকা দিৱস ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰি চৰাইবিধক সুৰক্ষা প্ৰদান কৰা ৷ চাও আহক কেনেদৰে পালন কৰা হৈছে ঘৰচিৰিকা দিৱস (World Sparrow Day celebrated) ৷

world-sparrow-day-celebrated-in-sivasagar
World Sparrow Day : শিৱসাগৰত উদযাপন বিশ্ব ঘৰচিৰিকা দিৱস

শিৱসাগৰ, 20 মাৰ্চ : আজি বিশ্ব ঘৰচিৰিকা দিৱস(World Sparrow Day 2022) । আমাৰ সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰত্যেকবছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস । সেই উপলক্ষ্যে বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে হাতত লৈছে বিভিন্ন কাৰ্যসূচী ।

ব্যতিক্ৰম নহয় শিৱসাগৰত নেচাৰ্চ বেকন(World Sparrow Day celebrated in Sivasagar) ৷ বিশ্ব ঘৰচিৰিকা দিৱস উপলক্ষ্যে শিৱসাগৰস্থিত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত, ৰূপম কলাকেন্দ্ৰৰ সহযোগত উদযাপন কৰা হয় বিশ্ব ঘৰ চিৰিকা দিৱস ৷ পুৱাৰ ফেহুৱালি ৰ'দজাক আহি চোতালত পৰাৰ লগে লগে কিৰিচ কিৰিচ মাতেৰে ঘৰৰ চৌদিশ মুখৰিত হৈ উঠৈ এজাক ঘৰচিৰিকাৰ কলৱৰত । কিন্তু এইয়া হৈছে কিছু বছৰ পূৰ্বৰ গ্ৰাম্য অঞ্চলৰ এক জীয়া পটভূমি । সম্প্ৰতি কালক্ৰমত হ্ৰাস পাব ধৰিলে ঘৰ চিৰিকাৰ সংখ্যা ।

শিৱসাগৰত উদযাপন বিশ্ব ঘৰচিৰিকা দিৱস

সেয়ে এই কনমানি চৰাইবোৰৰ সংৰক্ষণৰ বাবে ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'ছাইটিয়ে বিশেষ প্ৰচেষ্টা হাতত লৈছে ৷

ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'ছাইটি (Nature Forever Society celebrates World Sparrow Day) নামৰ এক সংস্থাৰ আহ্বান মৰ্মে পোন প্ৰথম বাৰৰ বাবে ২০১০ চনত পালন কৰে এই ঘৰ চিৰিকা দিৱস । ঘৰচিৰিকা আমাৰ সকলোৰে চিনাকি । বহুতে ইয়াক ঘনচিৰিকা বুলিও অভিহিত কৰে । ইহঁতৰ সুবিধাজনক বাসস্থান হৈছে খেৰীঘৰৰ চাল অথবা ঘৰৰ বাটামৰ চুক-কোণ । তাতে খেৰ- কূটা,অ'ৰ -ত'ৰ পৰা বুটলি আনি আটোম-টোকাৰিকৈ নিজৰ বাঁহটো সাজি লয় ।

জাক পাতি উৰা মাৰে । সৰু সৰু কীট-পতংগ হৈছে ইহঁতৰ খাদ্য । কিন্তু নাচি বাগি গীত গায় ফুৰা এই চৰাইবোৰ এতিয়া প্ৰায় বিলুপ্ত হৈ আহিছে । এই চৰাইসমূহৰ সংৰক্ষণৰ বাবে ভাৰতৰ নেচাৰ ফৰএভাৰ চ'চাইটিয়ে গ্ৰহণ কৰা পদক্ষেপ সচাঁই শলাগৰ পাত্ৰ । দেওবাৰে শিৱসাগৰত এচাম প্ৰকৃতি প্ৰেমীয়ে ঘৰচিৰিকা চৰাইৰ আশ্ৰয় স্থল হিচাপে সৰু সৰু হাতে নিৰ্মিত বাহ নগৰৰ বিভিন্ন ঠাইত ৰাখিবলৈ এক প্ৰচেষ্টা হাতত লৈছে ।

আজি ঘৰচিৰিকা দিৱসৰ লগত সংগতি ৰাখি নগৰৰ ৰূপম কলাকেন্দ্ৰত শিশু সকলৰ মাজত এখনি চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে । নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত, ৰূপম কলাকেন্দ্ৰৰ সহযোগত বিশ্ব ঘৰ চিৰিকা দিৱস উদযাপন কৰি ৰাইজক এই চৰাইবিধ সংৰক্ষণৰ ক্ষেত্ৰত এখোজ আগবঢ়াবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : World Sparrow Day : সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিশ্ব ঘৰচিৰিকা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.