শিৱসাগৰ,২২ এপ্ৰিল: শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন "আৰণ্যক"ৰ সহযোগত আজি মহাবিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব ধৰিত্ৰী দিৱস ২০২২ উদযাপন কৰা হয়(World Eath Day celebrate at Sivsagar Girl's college) । মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰীতা বৰকটকীয়ে ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।
কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰী সকলৰ মাজত প্ৰকৃতিৰ সংৰক্ষণ, বহনক্ষম উন্নয়ন আদি বিষয় সামৰি এখন সজাগতা সভাৰ আয়োজন কৰা হয় । এই সভাত মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ড৹ মেদিনী হাজৰিকাই নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে আৰু সামাজিক চেতনা,প্ৰকৃতি সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয় সামৰি এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে ।
অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠান আৰণ্যকৰ হৈ হীৰেন দত্ত আৰু প্ৰণৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে । এই দিৱসৰ অনুষ্ঠানতে সৰ্প বান্ধৱ বিশ্বজিত বৰুৱাক বিশেষ সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে ১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ইউনেস্ক'ৰ (UNESCO) এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককনেলে বিশ্ব শান্তি আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল ।
১৯৯০ চনৰ পৰা এই দিৱস সমগ্ৰ বিশ্ব জুৰি পালন কৰি অহা হৈছে । প্ৰত্যেক বছৰৰ ২২ এপ্ৰিলৰ দিনটোত বিশ্বজুৰি এই ধৰিত্ৰী দিৱস পালন কৰি পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়(World Earth Day)।