শিৱসাগৰ, 2 মে’ : পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি ৷ শিৱসাগৰত সুৰামত্ত স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা ৷ শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱত সোমবাৰে পুৱা সংঘটিত হৈছে এই অঘটন ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বানমুখ পাতৰ গাঁৱৰ অমৃত গগৈ নামৰ এজন 35 বছৰীয়া ব্যক্তিয়ে দৈনিক সুৰাপান কৰি আহি গৃহকন্দলৰ সূত্ৰপাত ঘটায় ৷ সুৰামত্ত স্বামীৰ এনে কাণ্ডত অতিষ্ঠ পত্নী ৰিংকু গগৈ(32) য়ে বিগত 27 এপ্ৰিলত স্বামীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতে 29 এপ্ৰিলত শিৱসাগৰ আৰক্ষীয়ে স্বামী-স্ত্ৰীক মতাই আনে থানালৈ ৷ আৰক্ষীয়ে ব্যক্তিজনক ভৱিষ্যতে পত্নী-সন্তানক অত্যাচাৰ নকৰাৰ প্ৰতিশ্ৰুতিৰে লিখাই লৈছিল এখন আবেদন ৷
পৰৱৰ্তী সময়ত পুনৰ পত্নীক অত্যাচাৰ কৰিবলৈ ধৰে অমৃত গগৈয়ে ৷ এই অত্যাচাৰে চৰম পৰিণতি লাভ কৰে সোমবাৰে পুৱা ৷ আনদিনাৰ দৰে আজিও পুৱা মজিয়া চাফা কৰি থকা অৱস্থাত পিছফালৰ পৰা আহি অমৃত গগৈয়ে পত্নীৰ ডিঙিত চোকা ছুৰীৰে ৰেপি আক্ৰমণ কৰে ৷ এই ঘটনাত আঘাতপ্ৰাপ্ত ৰিংকুৱে দৈৱক্ৰমে ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰতিৱেশীৰ ঘৰত আশ্ৰয় লয় ৷ স্থানীয় ৰাইজে এই ঘটনাৰ বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ লগতে চাৰিটাকৈ সন্তানক সুৰক্ষা প্ৰদান কৰি ততালিকে খবৰ দিয়ে আৰক্ষীক ৷
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অমৃত গগৈক কৰায়ত্ত কৰে ৷ বৰ্তমান সংকটজনক অৱস্থাত ৰিংকুক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
লগতে চাওক: মঙলদৈত কেঁকোসাপসহ দুই সৰবৰাহকাৰীক আটক