শিৱসাগৰ,12 মাৰ্চঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ ঘটনা ৷ ইয়াৰ মাজতেই শিৱসাগৰত পাৰিবাৰিক হিংসাৰ বলি হ’ল মহিলা অধিবক্তা ৷ ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনত কৰ্মৰত অধিবক্তাগৰাকীক বিবাহৰ এমাহ পাছৰ পৰাই স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰিৰীক তথা মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ অধিবক্তাগৰাকীৰ অভিযোগ ১০ মাৰ্চৰ পুৱা স্বামীৰ পৰিয়ালে পুনৰ আক্ৰমণ কৰে তেখেতক লগতে তেখেতৰ ভাতৃ আছিম আলী আহমেদকো নিৰ্মমভাৱে প্ৰহাৰ কৰে স্বামীগৃহৰ লোকে ৷ আক্ৰমনত গুৰুতৰভাৱে আহত আছিম আলী আহমেদ বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিতালত চিকিৎসাধীন হৈ আছে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে অধিবক্তাগৰাকীয়ে ৷ এজাহাৰৰ ভিত্তিত তেখেতৰ দেওৰেক ৰাজিৱ হুছেইনক সোধপোছৰ বাবে আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷ আনহাতে, অধিবক্তাগৰাকীৰ এই অভিযোগ নস্যাৎ কৰিছে স্বামীগৃহৰ লোকে ৷ স্বামীৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকাৰ পাছতো ১০ মাৰ্চত অধিবক্তাগৰাকীয়ে ভাতৃসহ স্বামীৰ গৃহত বলপূৰ্বক প্ৰৱেশ কৰি পৰিয়ালৰ সদস্যক মাৰধৰ কৰাতহে সংঘাত সৃষ্টি হয় ৷