আমগুৰি,২৫ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে অবৈধ ধন আৰু বিলাতী সুৰা ৷ বৃহস্পতিবাৰে আমগুৰিত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ AS-04-C-3710 নম্বৰৰ চেণ্ট্ৰ’ বাহনৰ পৰা উদ্ধাৰ কৰে সুৰাৰ কাৰ্টনসমূহ ৷
নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচতে প্ৰশাসনে সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও নামতি লুনপুৰীয়াত অগপৰ দলীয় পতাকাসহ সুৰাৰ কাৰ্টন উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰাৰ বটলৰ লগতে অগপৰ দলীয় পতাকা উদ্ধাৰ কৰে ৷
লগতে পঢ়ক: পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ