শিৱসাগৰ, 24 ছেপ্তেম্বৰ: আজিৰে পৰা প্ৰায় ১৯০ বছৰ বছৰ পূৰ্বে ১৮৩০ চনত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচী দিয়া হৈছিল দুগৰাকী স্বাধীনতা সংগ্ৰামীক ৷ দেশ স্বাধীন কৰাৰ হকে মৃত্যু বৰণ কৰা সেই দুগৰাকী শ্বহীদে কিন্তু মান্যতা পোৱা নাই আজিও ৷ কোন সেই দুগৰাকী শ্বহীদ ?
শ্বহীদ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ৷ ১৮২৬ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বৃটিছ সেনাৰ হাতত অসম আক্ৰমণ কৰা মান সেনা পৰাস্ত হোৱাৰ পাছত ইয়াণ্ডাবুত এক চুক্তি হয় ৷ সেই চুক্তি অনুসৰি, অসম বৃটিছ কোম্পানীৰ হাতলৈ যোৱাৰ লগতে আহোমৰ 600 বছৰীয়া শাসনৰ ওৰ পৰে ৷ হঠাৎ অসমৰ সমস্ত কৰ্তৃত্ব বিদেশী বৃটিছৰ হাতলৈ যোৱাত দেশ স্বাধীন কৰিবলৈ উদ্বাউল হৈ থকা একাংশৰ নেতৃত্ব গ্ৰহণ কৰে পিয়লি ফুকনে ৷ পিয়লি ফুকন হৈছে অসমলৈ মান সেনা মাতি আনি ইতিহাসৰ পাতত কুখ্যাত হৈ পৰা বদন বৰফুকনৰ পুত্ৰ ৷ পিতৃয়ে দেশক কৰা বিশ্বাসঘাটকতাক মচিবলৈ সাজু হ'ল পিয়লি ফুকন ৷ সৰুৰে পৰা লেঙেৰা পিয়লিয়ে চাকোলা বা পেং লৈ ঘূৰাৰ বাবে তেওঁ চাকোলা পিয়লি হিচাপেও খ্যাত আছিল ৷
![পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা আজিও উপক্ষি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8915330_image1.jpg)
পিয়লি ফুকনৰ নেতৃত্বত ৰংপুৰৰ বৃটিছ খাৰঘৰত জুই দিয়াৰ লগতে সৈন্য থকা বেৰেকত আক্ৰমণৰ পৰিকল্পনা চলিল | বৃটিছ কোম্পানী বিৰোধী সেই ষড়যন্ত্ৰত পিয়লি ফকনৰ সংগী হ'ল জিউৰাম দুলীয়া বৰুৱা, ৰূপচন্দ্ৰ কোঁৱৰ, দেউৰাম দিহিঙীয়া ফুকন, বম চিংফৌ, হৰনাথ বৰগোহাঞিকে ধৰি একাংশ লোক ৷ পৰিকল্পনা অনুসৰি ১৮৩০ চনৰ ২৫ মাৰ্চ তাৰিখে ৰংপুৰৰ খাৰঘৰত জুই দিয়া হ'ল আৰু পিয়লি ফুকনক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰি, অৱশেষত সেই সময়ৰ বৃটিছ কোম্পানীৰ দেৱান মণিৰামৰ পৰামৰ্শ অনুসৰি, নিউভিল চাহাবে পিয়লি আৰু জিউৰামৰ ফাঁচীৰ লগতে বাকী সকলক জেইলৰ হুকুম প্ৰদান কৰে ৷ সেই মৰ্মে ১৮৩০ খ্ৰীষ্টাব্দৰ 23 ছেপ্তেম্বৰৰ দিনটোত দুয়োগৰাকী সংগ্ৰামীক শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচী দিয়া হয় ৷
![শিৱসাগৰ পুখুৰীৰ পাৰত তেওঁলোকক ফাঁচী দিয়া স্থানো এতিয়া যথোপযুক্ত সংৰক্ষণৰ অভাৱত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8915330_image.jpg)
দেশক বৃটিছৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা আজিও উপক্ষিত ৷ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা যে কেৱল মান্যতা আৰু স্বীকৃতিত উপেক্ষিত এনে নহয় ৷ শিৱসাগৰ পুখুৰীৰ পাৰত তেওঁলোকক ফাঁচী দিয়া স্থানো এতিয়া যথোপযুক্ত সংৰক্ষণৰ অভাৱত ৷ সেয়েহে শ্বহীদ দুগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখি তেওঁলোকক ফাঁচী দিয়া স্থান পৰ্যটনস্থলীলৈ পৰ্যবেশিত কৰাৰ দাবী জনাইছে সচেতন নাগৰিকে ৷
লগতে পঢ়ক: 300 বছৰ পুৰণি মৰিগাঁৱৰ এখন সত্ৰ