শিৱসাগৰ, 22 এপ্ৰিল : শিৱসাগৰৰ ডিমৌত মঙলবাৰে ডিমৌৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ দাঁতিতে থকা দিচাংমুখৰ বন উপ-সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত লেপাইগাঁৱত বিষাক্ত দ্ৰৱ্য সেৱন কৰি মৃত্যু হোৱা এটা গৰু পোৱালি ভক্ষণ কৰাৰ পাছতে ১৯ টা শগুণ মৃত্যু মুখত পৰে আৰু লগতে ১২ টাকৈ শগুণ গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷
জানিব পৰা মতে,ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ বন বিভাগৰ দল এটাৰ উপৰিও ডিমৌ খণ্ড বন বিষয়াগৰাকী ততালিকে ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা শগুণকেইটাক বন বিভাগৰ লোককেইজনে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চ'ৰগুৱা বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ।
উল্লেখ্য যে,তৎকালীনভাৱে যদি অসুস্থ শগুণকেইটাক উন্নত চিকিৎসা প্ৰদান নকৰে তেনেহ'লে শগুণকেইটা মৃত্যু মুখত পৰাৰ শংকা প্ৰকাশ কৰিছে বন বিভাগে । প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই ১৯ টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজ।
লগতে পঢ়ক : টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ