ETV Bharat / state

Devi Dol in crisis: বাহনে খুন্দিয়াই ভাগিলে দেৱীদৌলৰ ঐতিহাসিক গম্বুজ

author img

By

Published : Mar 9, 2023, 10:33 AM IST

জহি-খহি যাবলৈ আৰম্ভ কৰিছে অসমৰ অন্যতম ঐতিহাসিক সমল দেৱীদৌল (Historic Devi Dol)। এইবাৰ দেৱীদৌলৰ চৌদিশে থকা গম্বুজ ভাগিলে বাহনে । কিন্তু ঐতিহাসিক সমলৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই পুৰাতত্ব বিভাগ তথা প্ৰশাসনৰ ।

Devi Dol in crisis
বাহনে খুন্দিয়াই ভাগিলে দেৱীদৌলৰ ঐতিহাসিক গম্বুজ

আমগুৰি, ৯ মাৰ্চ : পুনৰ বিতৰ্কত কেন্দ্ৰীয় পুৰাতত্ব বিভাগ । বাঁহৰ খুঁটাৰে গৌৰীসাগৰৰ দেৱীদৌলৰ গম্বুজ ঠেকা দি ৰাখিছে বিয়াগোম বিভাগটোৱে । শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলৰ প্ৰতি পুৰাতত্ব বিভাগৰ এই অৱহেলাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Negligence of Archaeology Department for Devi Dol)। বিভিন্ন দল-সংগঠনে পুৰাতত্ব বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ।

যিকোনো মুহূৰ্তত গৌৰীসাগৰৰ দেৱীদৌলৰ ঐতিহাসিক গম্বুজ ভাঙি পৰিব পাৰে । কিয়নো বাঁহৰ খুঁটাৰে ঠেকা দি গম্বুজ ধৰি ৰখাৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে (Archaeology Department negligence)। জানিব পৰা মতে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কামত ব্যৱহৃত ট্ৰেইলাৰে ঐতিহাসিক গম্বুজটো ভাঙি থৈ গৈছিল । গৌৰীসাগৰৰ দেৱীদৌলৰ উত্তৰ দিশত থকা গম্বুজটোৰ কাষেৰে যোৱা পথটোৰে গধুৰ যান-বাহন চলাচল কৰা নিষেধ যদিও কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ গুৰুত্বহীনতাৰ বাবেই চাৰিলেনযুক্ত ঘাইপথত ব্যৱহৃত ট্ৰেইলাখন সেই পথেৰে গৈ ভাঙি পেলাইছিল ঐতিহাসিক গম্বুজটো ।

কেন্দ্ৰীয় পুৰাতত্ব বিভাগে গম্বুজটো সংৰক্ষণৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও হাস্যকৰ কথাটো হ'ল যে বাঁহৰ খুঁটাৰে ঠেকা দি গম্বুজটো ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে । এই কাৰ্যক সদৌ টাই আহোম ছাত্ৰ সন্থাই তীব্ৰ সমালোচনা কৰিছে (ATASU slams Archaeology Department)।

উল্লেখ্য যে ঐতিহাসিক গৌৰীসাগৰত আহোম ৰাজত্বৰ সময়ত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ শাসনকালত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল তিনিটাকৈ দৌল । ইয়াৰে দেৱীদৌল কাৰুকাৰ্যখচিত স্থাপত্যৰ অন্যতম নিদৰ্শন । এই দেৱীদৌল সুৰক্ষাৰ কাৰণে দৌলৰ চাৰিওদিশত চটীয়া ইটাৰে চাৰিটাকৈ গম্বুজ নিৰ্মাণ কৰা হৈছিল ।

১৭২২-১৭৩১ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা চাৰিটাকৈ গম্বুজ ইতিহাসৰ স্বাক্ষৰ বহন কৰি থিয় হৈ আছিল যদিও ইতিহাসৰ গুৰুত্ব নুবুজা একাংশ লোকৰ বাবে গম্বুজকেইটা ধ্বংস হ'বলৈ ধৰিছে । পুৰাতত্ব বিভাগৰ চূড়ান্ত গুৰুত্বহীনতাৰ বাবেই অৱশেষত গম্বুজটো ভাঙি গ'ল । এটা ঐতিহাসিক গম্বুজ ভাঙি যোৱাৰ পাছতো তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা নাই পুৰাতত্ব বিভাগে ।

এখন ট্ৰেইলাৰে গম্বুজটো ভঙাৰ পাছতো বিভাগটোৱে যিধৰণে আইনী ব্যৱস্থা ল'ব লাগিছিল সেইয়াও আজি পৰ্যন্ত নল'লে । বৰঞ্চ বাঁহৰ খুঁটা দি গম্বুজটো ভাঙি নপৰিবলৈ ঠেকা দি ৰখাহে পৰিলক্ষিত হৈছে । এই ঘটনাক তীব্ৰ নিন্দা কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই । জাতীয় সংগঠনটোৱে সংশ্লিষ্ট বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি উপযুক্ত সংৰক্ষণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :Woman mason of Assam: ৰাজমিস্ত্ৰীৰ ৰূপেৰে আন দহগৰাকীৰ বাবে আদৰ্শ হোৱা ভূটান সীমান্তৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.