ETV Bharat / state

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই - অনা অসমীয়া ব্যৱসায়ীৰ মইমতালি

অনা অসমীয়া ব্যৱসায়ীৰ মইমতালিৰ বিৰুদ্ধে সৰৱ হৈছে বীৰ লাচিত সেনা ৷ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ দোকান ঘৰ জোৰ-জবৰদস্তি দখল কৰা অনা অসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ ৷

Veer Lachit Sena bing active against non-Assamese businessman
দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই
author img

By

Published : Aug 28, 2021, 10:22 PM IST

শিৱসাগৰ, 28 আগষ্ট : শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল'ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ'ল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী কৰি দিবলৈ দাবী কৰে সংগঠনটোৱে ।

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ মাজমজিয়াত ননী দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ বাসগৃহৰ লগতে আছে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বহু বছৰ ধৰি নাৰায়ন পাল, গোবিন দত্ত নামৰ দুগৰাকী ব্যৱসায়ীয়ে ননী দেৱীৰ দোকান ঘৰত ব্যৱসায় চলাই আহিছিল ৷ কিন্তু স্বামীৰ মৃত্যুৰ পিচত এটি ৰোগীয়া পুত্ৰৰ সৈতে ননী দেৱী অকলশৰীয়া হোৱাৰ দুৰ্বলতাৰ সুযোগ লৈ দোকান ঘৰ বলপূৰ্বকভাৱে দখল কৰি আহিছে অনা অসমীয়া ব্যৱসায়ী নাৰায়ন পালে ।

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

লগতে পঢ়ক: অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত

দুৰ্ভগীয়া মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দোকানঘৰ খালী কৰিবলৈ ক'লেই বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰে ব্যৱসায়ী পালে । যিহেতু ননী দেৱীৰ সাৰথি কেৱল এজন ৰোগীয়া পুত্ৰ । মহিলা গৰাকীৰ অসুখীয়া পুত্ৰ চিন্ময় শৰ্মাক তিনিমাহৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল ।

শনিবাৰে এইগৰাকী মহিলাৰ কাষত বীৰ লাচিত সেনা থিয় হৈ নাৰায়ন পালক ৪৮ ঘণ্টাৰ ভিতৰত দোকান ঘৰ খালী কৰাৰ সময়সীমা বান্ধি দিয়ে । অন্যথা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'ব বুলি সকিয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । আনহাতে বীৰ লাচিত সেনাই অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱ লোৱা অসম ভাড়াতীয়া আইনখন শীঘ্ৰে বলৱৎ কৰি এনে দুষ্কাৰ্য ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।

লগতে পঢ়ক: গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.