শিৱসাগৰ, ২৬ এপ্ৰিল: ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ মাছ আৰু হাঁহৰ ব্যাপক হাৰত মৃত্যু (Historic Sivasagar Tank)। পুখুৰীটোৰ আকৰ্ষণৰ উৎস এই জীৱসমূহৰ কিয় মৃত্যু হৈছে তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে । আহোম ৰাজত্বৰ ঐতিহ্য আৰু স্থাপত্য শৈলীৰ অন্যতম কেন্দ্ৰস্থল হৈছে জাগ্ৰত শিৱ দ'লৰ লগতে শিৱসাগৰ পুখুৰী ।
দুয়োটাৰ সৌন্দৰ্যই সততে পৰ্যটকক আকৰ্ষিত কৰি আহিছে । ইয়াৰ লগতে যোগ হৈছে শিৱসাগৰ পুখুৰীৰ বৃহৎ আকাৰৰ মাছ আৰু এজাক হাঁহৰ জলকেলি । দ'ল পৰিদৰ্শন কৰিবলৈ অহা এইসকল পৰ্যটকে পুখুৰীৰ বিশাল জলৰাশি উপভোগ কৰিবলৈ আহি মাছ আৰু হাঁহক যোগান ধৰে বিভিন্ন খাদ্য । এতিয়া এই খাদ্য সমূহ হাঁহ আৰু মাছৰ বাবে কাল হৈ পৰিছে নেকি ?
কিয়নো বিগত দুদিনত শিৱসাগৰ পুখুৰীৰ বহু সংখ্যক হাঁহ আৰু মাছৰ অস্বাভাৱিক মৃত্যু হৈছে (Unusual death of fish in Sivasagar Tank) । পুখুৰীৰ পাৰত মৃত্যু হৈছে ইটোৰ পাছত সিটো হাঁহৰ । অনুৰূপ ধৰণে মৃত্যু হৈছে পুখুৰীৰ মাছৰ । হকে-বিহকে পৰ্যটকে যোগান ধৰা কোনো মান নথকা বা ম্যাদ ওকলা পেকেটৰ খাদ্য খাই শিৱসাগৰ পুখুৰীৰ অন্যতম আকৰ্ষণ এই হাঁহ আৰু মাছৰ মৃত্যু হৈছে, নে পুখুৰীৰ পানী প্ৰদূষিত হৈছে সেই বিষয়টো স্পষ্ট হোৱা নাই ।
পুখুৰীত এইদৰে মুকলিভাৱে ম্যাদ ওকলা পেকেট খাদ্যই যদি এই সমূহ নিৰীহ জীৱৰ মৃত্যুৰ কাৰণ হৈ পৰিছে তেন্তে ইয়াৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব সেই লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
উল্লেখ্য় যে, শিৱসাগৰ পুখুৰীৰ ৰক্ষণাৱেক্ষণৰ দায়িত্বত এতিয়াও কোনো এটা বিভাগ নিৰ্দিষ্টকৈ নাই । আনহাতে, শিৱসাগৰ পুখুৰীত সততে হাঁহ আৰু মাছৰ বাবে যোগান ধৰা হয় পেকেটৰ ব্ৰেড আৰু মুড়ি । ম্যাদ উকলা ব্ৰেড সমূহে মাৰাত্মক মাইক্ৰটক্সিন উৎপন্ন কৰে । এনে ব্ৰেড খাই হয়তো হাঁহ আৰু মাছৰ মৃত্যু হ'ব পাৰে । ইপিনে, কোনো বেমাৰৰ সংক্ৰমণৰ বাবে যদি এই ব্যাপক হাৰত মৃত্যু হৈছে তেন্তে অচিৰে শিৱসাগৰ পুখুৰীৰ জল জীৱৰ লগতে আন আন জীৱ সমূহলৈ নামি আহিব ভয়ংকৰ বিপদ ।
লগতে পঢ়ক:Amritpal Singh updates: ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল সিঙক IBৰ জেৰা