ETV Bharat / state

শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় নিৰ্মাণ

author img

By

Published : Jun 11, 2021, 9:04 PM IST

শিৱসাগৰৰ ৰজাবাৰীত অ’এনজিচি অসম সম্পদ (ongc assam asset)ৰ উদ্যোগত অত্যাধুনিক ক’ভিড চিকিৎসালয় (covid hospital) নিৰ্মাণ ৷ স্বৰ্গদেউ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতাল (siu ka fa multispeciality hospital)ত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰা চিকিৎসালয়খনত মুঠ 40 খন বিচনা থাকিব ।

ultramodern covid hospital in rajabari
ৰজাবাৰীত অত্যাধুনিক ক’ভিড চিকিৎসালয়

শিৱসাগৰ,11 জুন : ক’ভিড (covid)ৰ বিৰুদ্ধে যুঁজিবলৈ শিৱসাগৰৰ ৰজাবাৰীত অ’এনজিচি অসম সম্পদ (ongc assam asset)ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক ক’ভিড চিকিৎসালয় (covid hospital) ৷ ৰজাবাৰীস্থিত স্বৰ্গদেউ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতাল (siu ka fa multispeciality hospital)ত যুদ্ধকালীন তৎপৰতাৰে এই চিকিৎসালয়খন নিৰ্মাণ কৰি থকা হৈছে ।

অ’এনজিচি অসম সম্পদৰ সামাজিক দায়বদ্ধতা শিতানত প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়ত মুঠ 40 খন বিচনা থাকিব । উত্তৰ-পূবৰ ভিতৰত এখন অত্যাধুনিক ক’ভিড চিকিৎসা সেৱা কেন্দ্ৰ ৰূপে নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ মুঠ 40 খন বিচনাৰ ভিতৰত 20 খন হ’ব অত্যাধুনিক সুবিধাৰ আইচিইউ (ICU) বিচনা ।

ৰজাবাৰীত অত্যাধুনিক ক’ভিড চিকিৎসালয়

আনহাতে, 20 খন বিচনাত অক্সিজেন প্ৰদানৰ ব্যৱস্থা সংযুক্ত কৰাৰ লগতে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰিব পৰা সকলো যন্ত্ৰপাতিৰে সমৃদ্ধ হ’ব । আগন্তুক 14 জুনত এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি চিকিৎসালয়খন ৰাইজৰ সেৱাৰ বাবে স্বৰ্গদেউ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হ’ব । এই চিকিৎসালয়খন প্ৰয়োজন সাপেক্ষে এটা স্থানৰ পৰা সামৰি আনটো স্থানত পুনৰ সংস্থাপিত কৰাৰ সুবিধা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল পৰীক্ষাৰ পৰা বঞ্চিত হ'ব নেকি অসমৰ ছাত্ৰ-ছাত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.