শিৱসাগৰ/ডিব্ৰুগড়,25 এপ্ৰিল: সুদীৰ্ঘ 37 বছৰীয়া বিদ্ৰোহী পন্থা ত্যাগ কৰি অৱশেষত নিজ গৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত আলফা (স্বা) ৰ নেতা তথা মেজৰ জেনেৰেল জীৱন মৰাণ উৰফে গুণড ডাঙৰীয়াৰ । 1984 চনত সংগঠনটোত যোগদান কৰা বৰ্তমানৰ 65 বছৰীয়া আলফা নেতা মৰাণে বাৰ্মাত প্ৰশিক্ষণ লৈ দীৰ্ঘদিন ধৰি আলফা (স্বা)নে বিশ্বাস কৰা থলগিৰি মানুহৰ বাবে কৰি থকা বিদ্ৰোহত নামি পৰি অৰণ্যতেই জীৱন অতিবাহিত কৰিছিল ।
আলফা (স্বা)নে 25 এপ্ৰিলত জাৰি কৰা এক বিবৃতিত আলফাৰ সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰি নিজৰ জীৱনৰ অৱশিষ্ট সময়খিনি পৰিয়ালৰ সৈতে কটোৱাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে ৷ আলফা (স্বা) ৰ সভাপতি তথা সৰ্বাধিনায়ক অভিজিৎ অসম স্বাক্ষৰিত পত্ৰত আলফা স্বাধীনে মৰাণক সংগঠনৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দি চিকিৎসাৰ লগতে পৰিয়ালৰ সৈতে জীৱনৰ অৱশিষ্ট সময় পাৰ কৰাৰ মনোবাঞ্চা গ্ৰাহ্য কৰি ওপজা মাটিৰ উভতনি যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
উল্লেখ্য যে, কণ্টকময় জীৱনসহ অৰণ্যৰ সশস্ত্ৰ বিদ্ৰোহ এৰি সুদীৰ্ঘ প্ৰায় 4 টা দহকৰ পাছত তিনিচুকীয়াৰ কাকপথাৰৰ উবনত থকা নিজ গৃহলৈ উভতিবলৈ সাজু হৈছে আলফাৰ জ্যেষ্ঠ নেতা গৰাকী ৷
লগতে পঢ়ক: অ’এনজিচিৰ দুই অপহৃতক চৰাইদেউ আৰক্ষীক অৰ্পণ