ETV Bharat / state

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত উজলিল পপী আৰু ডিম্পী - ভাৰত্তোলন প্ৰতিযোগিতা

পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত(National Weightlifting Competition) ক্ৰমে ব্ৰঞ্জৰ পদক(Bronze Medal) আৰু ৰূপৰ পদক(Silver Medal) লাভ আমগুৰিৰ দুই খেলুৱৈ পপী হাজৰিকা আৰু ডিম্পী দত্তৰ ৷ পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া এমাহজোৰা প্ৰশিক্ষণৰ অন্তত নিৰ্বাচিত হ’লে কমনৱেলথ গেমছত(Commonwealth Games) ভাগ ল’ব খেলুৱৈ দুগৰাকীয়ে ৷

amguri player at National Weightlifting Competition
ৰাষ্ট্ৰীয় ভাৰত্তোলন প্ৰতিযোগিতাত আমগুৰিৰ খেলুৱৈ
author img

By

Published : Aug 23, 2021, 2:02 PM IST

আমগুৰি, 23 আগষ্ট : অসমবাসীৰ বাবে এক সুখবৰ লৈ আনিছে শিৱসাগৰৰ আমগুৰিৰ দুই খেলুৱৈয়ে ৷ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত লাভলীনা বৰগোহাঁইয়ে(Lovlina Borgohain)য়ে অসমৰ নাম উজলাই ৰাজ্যবাসীক গৰ্বিত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে দুগৰাকী প্ৰতিভাৱান খেলুৱৈ ৷

পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত(National Weightlifting Competition) সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে পপী হাজৰিকা আৰু ডিম্পী দত্তই । অসম ভাৰোত্তোলক সন্থাৰ হৈ ডিম্পী দত্তই 81 কেজি শাখাত ব্ৰঞ্জৰ পদক(Bronze Medal) আৰু ৰে’লৱেৰ হৈ পপী হাজৰিকাই 59 কেজি শাখাত ৰূপৰ পদক(Silver Medal) লাভ কৰিছে ।

ৰাষ্ট্ৰীয় ভাৰত্তোলন প্ৰতিযোগিতাত আমগুৰিৰ খেলুৱৈ

লগতে পঢ়ক: ভাৰতীয় খেলুৱৈ প্ৰিয়া মোহনৰ প্ৰদৰ্শনকলৈ আনন্দিত হিমা দাস

ইয়াৰ পাচতে পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া এমাহজোৰা প্ৰশিক্ষণৰ অন্তত নিৰ্বাচিত হ’লে কমনৱেলথ গেমছত(Commonwealth Games) খেলাৰ সুযোগ লাভ কৰিব খেলুৱৈ দুগৰাকীয়ে । পপী হাজৰিকা হৈছে ৰে’লৱে বিভাগৰ কৰ্মচাৰী ।

ৰে’লৱে বিভাগৰ ফালৰ পৰা পপী হাজৰিকাই ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদকৰ লগতে বিশাপট্টনমতো ৰূপৰ পদক, কলকাতাত অভিলেখ আৰু আন্তঃৰাজ্যিক মেচত সোণৰ পদক(Gold Medal) পাবলৈ সক্ষম হৈছে । আনহাতে, ডিম্পী দত্তই নৰ্থ ইষ্ট অলিম্পিকত ৰূপৰ পদক, আছাম অলিম্পিকত সোণৰ পদক, খেল’ ইণ্ডিয়াত ৰূপৰ পক লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰাজ্যৰ খেলুৱৈসকলৰ বাবে চৰকাৰে কৰিবলগীয়া বহুতো কাম আছে বুলি মন্তব্য কৰি খেলুৱৈসকল আগবাঢ়ি যাব পৰাকৈ এক পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে দুই প্ৰতিভাৱান খেলুৱৈয়ে । ইফালে খেলুৱৈ দুগৰাকীৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে স্থানীয় ৰাইজ, নামতি আছুকে(AASU) ধৰি দল-সংগঠনসমূহে ৷

লগতে পঢ়ক : World Athletics U20 Championships : মহিলাৰ লং জাম্পত শৈলী সিঙৰ ৰূপৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.