আমগুৰি,6 জুন : বেজৰ নাকতে খৰ ৷ এইবাৰ ড্ৰাগছৰ বেহাত নামিল নাগালেণ্ড আৰক্ষী ৷ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ দুই আৰক্ষী ৷ শিৱসাগৰ জিলাৰ হালোৱাটিংত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই নাগালেণ্ড আৰক্ষীক আটক কৰে হালোৱাটিং আৰক্ষীয়ে ৷ হালোৱাটিং বজাৰত আটক কৰা দুই নাগালেণ্ড আৰক্ষীৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ 290 টা কেপচুলসহ AS-04-L-3718 নম্বৰৰ এখন বাজাজ পালছাৰ বাইক আৰু নগদ 30,000 টকা জব্দ কৰে হালোৱাটিং আৰক্ষীয়ে ।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰাত হালোৱাটিং আৰক্ষীয়ে দেওবাৰে অভিযান চলাই ৷ অভিযান কালত নাগালেণ্ডৰ ষষ্ঠ এনএপি বেটেলিয়নৰ দুগৰাকী জোৱান ক্ৰমে চুমবিমু লোঠা আৰু ডব্লিউ মোবা কন্যাকক হালোৱাটিং আৰক্ষীয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন দুই আৰক্ষীয়ে হালোৱাটিং বজাৰৰ টুটুমণি কোঁৱৰ নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ড্ৰাগছ ক্ৰয় কৰা বুলি জানিবলৈ দিয়াত 26/21 নম্বৰত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: বিতৰ্কিত পোষ্টৰ বাবে ত্ৰিপুৰা চিপিআই(এম)ৰ দুই নেতাক আৰক্ষীৰ তলব