শিৱসাগৰ,22 মেঃ শিৱসাগৰত দুগৰাকী যুৱতী কৰ'ণা ভাইৰাছত আক্ৰান্ত । আক্ৰান্ত যুৱতী দুগৰাকীৰ এগৰাকী ডিমৌ সমীপৰ বামৰজাবাৰীৰ আৰু আনগৰাকী শিৱসাগৰ নাজিৰাৰ বুধবাৰী সত্ৰৰ । উল্লেখ্য যে, ডিমৌ সমীপৰ বামৰজাবাৰীৰ ২৩ বছৰীয়া যুৱতী গৰাকীয়ে ১৬ মে'ত কলিকতাৰ পৰা স্বগৃহলৈ বুলি বাছেৰে ৰাওনা হৈছিল । 18 মে'ত যোৰহাটত প্ৰশাসনে তেখেতৰ সৈতে বাছত যাত্ৰা কৰা সকলো ব্যক্তিকে কোৱাৰেণ্টাইন কৰিছিল ।
কলিকতাৰ পৰা যাত্ৰা কৰাৰ কিছুদিনৰ পূৰ্বে জ্বৰ কাঁহত আক্ৰান্ত হৈ আছিল যুৱতীগৰাকী । তেখেতৰ লগতে একেখন বাছতে কলিকতাৰ পৰা আহিছিল শিৱসাগৰ নাজিৰাৰ বুধবাৰী সত্ৰৰ কৰ'ণাত আক্ৰান্তত যুৱতী গৰাকী । সম্প্ৰতি দুয়োগৰাকীকে চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক- কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্যমন্ত্ৰী