নাজিৰা, 26 এপ্ৰিল: দেওবাৰে দুপৰীয়া নাজিৰা আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল কুমাৰ দত্ত আৰু মহকুমা আৰক্ষী বিষয়া দিপজ্যোতি তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ড্ৰাগছসহ নগদ টকা,দুটা মোবাইল ফোন আৰু এখন নম্বৰপ্লেট বিহীন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে । আটক কৰা এই যুৱক দুজনৰ নাম ক্ৰমে ধ্ৰুৱজ্যোতি কলিতা আৰু ভাইটি দলে । দুয়োজনৰে ঘৰ ডিব্ৰুগড়ত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে,বিগত কিছুদিন ধৰি নাজিৰা মহকুমাত চলি থকা এই ড্ৰাগছ ব্যৱসায়ে যুৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ । লগতে নাজিৰা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : ছয়গাঁৱত আৰ্তজনৰ কাষতঃ জনকল্যাণ সমিতি