শিৱসাগৰ, 14 অক্টোবৰ : মহা অষ্টমীৰ দিনটোত শিৱসাগৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে দুজনকৈ লোকে ৷ বুধবাৰে নিশা প্ৰায় 11 বজাত ৰুদ্ৰপ্ৰয়াগৰ মানকটাত সংঘটিত এই দুৰ্ঘটনাত দুজনৰ মৃত্যুৰ বিপৰীতে এজন আহত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, AS 01 EO 0086 নম্বৰৰ এখন মাৰুতী চুইফ্ট বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ কাষৰ এটা পানী ডুবিত সোমাই পৰে ৷
স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰে যদিও দুজন লোকৰ ইতিমধ্যে মৃত্যু হয় ৷ নিহত যুৱক দুজন ক্ৰমে ৰুদ্ৰসাগৰৰ ৰিজুমণি দাস আৰু নিবেদন শৰ্মা বুলি জানিব পৰা গৈছে ৷ আহত যুৱকজন বলিয়াঘাটৰ মৃণাল শৰ্মা ৷
![accident at rudraprayag in sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-svr-13th-oct-803-accident-as10042_13102021235321_1310f_1634149401_147.jpg)
ইফালে ঘটনাটোক লৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
দুৰ্ঘটনাত পতিত লোককেইজনক চিকিৎসালয়লৈ নিয়াৰ পাচতো চিকিৎসকৰ অনুপস্থিতিৰ বাবে যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, উপস্থিত লোকে চিকিৎসালয়ৰ ৰাজহুৱা সম্পত্তি ধ্বংস কৰে, যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষী মোতায়েন কৰা হৈছে ৷ সম্প্ৰতি আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক : তেজপুৰৰ জাহাজঘাটত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ জ্যেষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ