ETV Bharat / state

আজিও অক্ষত আহোমৰ প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ - archeology of assam

হাজাৰ বছৰ বিছতো একে স্থিতিতেই সদম্ভে ঠিয় দি আছে আহোম যুগৰ ঐতিহ্যপূৰ্ণ সৌধসমূহ ৷ আধুনিক প্ৰযুক্তিৰ বিপৰীতে তাহানিৰ দিনতে মাটিমাহ, হাঁহকণী, শিলিখা, বৰা চাউল আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা সৌধসমূহ আজিও অক্ষত হৈ আছে আহোম ৰাজধানী চৰাইদেউত ৷

AS_SVR_02ND_AUG_801_JAY_DOL_AS10042
আজিও অক্ষত আহোম প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ
author img

By

Published : Aug 2, 2021, 12:39 PM IST

শিৱসাগৰ, 2 আগষ্ট : অসম তথা উত্তৰ-পূৰ্বাঞ্চল অধিক ভূমিকম্প প্ৰৱণ অঞ্চলৰ অন্তৰ্ভুক্ত ৷ 1950 চনত অসম আৰু তিব্বত অঞ্চলত অনুভূত হৈছিল 8.6 ৰিখ্টাৰ স্কেলৰ বৰভূঁইকপ ৷ এই বৰভূঁইকপতে আধুনিক প্ৰযুক্তিৰে নিৰ্মিত বহু ঘৰ-দলং আদি ধ্বংস প্ৰাপ্ত হৈছিল ৷ সলনি হৈছিল নদীৰ গতি পথ ৷

AS_SVR_02ND_AUG_801_JAY_DOL_AS10042
জয়দৌল

কিন্তু আশ্চৰ্যজনকভাৱে, সেই বৰভূঁইকপৰ লগতে এতিয়াও সময়ে সময়ে অনুভূত হোৱা বিভিন্ন প্ৰাবল্যৰ ভূমিকম্পৰ পাচতো একে দৰেই সগৌৰৱে থিয় দি আছে আহোমৰ বিভিন্ন ৰজা-মহাৰজাই অসমত নিৰ্মাণ কৰা ওখ দৌল আৰু মঠ-মন্দিৰসমূহ ৷ এইসমূহ দৌল অথবা মন্দিৰ নিৰ্মাণত কিন্তু ব্যৱহাৰ কৰা হোৱা নাছিল কোনো আধুনিক প্ৰযুক্তি ৷ কিন্তু যি শৈলীৰে সেই সময়ত এই শৌধ সমূহ নিৰ্মাণ হৈছিল সেইয়া সঁচাকৈয়ে চমৎকাৰী ৷ সেই সময়চোৱাত বিশেষকৈ 1200 ৰ পৰা 1800 খ্ৰীষ্টাব্দলৈ নাছিল কোনো উন্নত বিজ্ঞান-প্ৰযুক্তি ৷

লগতে পঢ়ক-ধ্বংসৰ গৰাহত স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু সমল

মাটিমাহ, হাঁহকণী, শিলিখা, বৰা চাউল আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল এই দৌল আৰু মঠ-মন্দিৰসমূহ ৷ তাৰোপৰি বৰ্তমান যি লোহাৰ ৰড ব্যৱহাৰ কৰা হয়, তাৰ পৰিৱৰ্তে সেই সময়ত তামোল গছৰ শলি ব্যৱহাৰ কৰা হৈছিল ৷

আজিও অক্ষত আহোম প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ

বৰ্তমানেও কিন্তু আংশিকভাৱে আঁচোৰ লাগিলেও একে স্থিতিতেই সদম্ভে ঠিয় দি আছে এই ঐতিহ্যপূৰ্ণ শৌধসমূহ ৷ উল্লেখনীয় যে, বৰ্তমান সময়তো এই শৌধসমূহৰ মেৰামতিৰ ক্ষেত্ৰত পূৰ্বে ব্যৱহাৰ কৰা সামগ্ৰী সমূহেই ব্যৱহাৰ কৰে পূৰাতত্ব বিভাগে ৷ দেখা যায় যে, বৰ্তমান অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি যি সমূহ নিৰ্মাণ কাৰ্য কৰা হয়, ভূমিকম্প আহিলে তাৰে কিছুসংখ্যক ক্ষতিগ্ৰস্ত হয় ৷ কিন্তু পৌৰাণিক পদ্ধতিৰে নিৰ্মিত শিৱ দৌল, জয় দৌল, ৰংঘৰ, তলাতল ঘৰ আদি যেন কিছু ব্যতিক্ৰম, যি স্ব-গৰিমাৰে আজিও অক্ষত হৈ ৰৈছে ৷

লগতে পঢ়ক-সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.