ETV Bharat / state

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ বৰ মেছলৌ আৰু সৰু মেছলৌ !

author img

By

Published : Oct 20, 2019, 4:39 PM IST

টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত গৰুহৰা গাঁৱত অৱহেলিত হৈ আছে দুটি বুৰঞ্জী প্ৰসিদ্ধ মৈদাম বৰ মেছলৌ আৰু সৰু মেছলৌ ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে এই দুই মৈদাম এতিয়া এৰাবাৰীত পৰিণত হৈছে ।

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ বৰ মেছলৌ আৰু সৰু মেছলৌ !

টিংখাং,20অক্টোবৰঃ অসমৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সমলসমূহ বৰ্তমান সংকটৰ গৰাহত । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিজ্ঞানসন্মত ভাৱে নিদিষ্ট পৰিকল্পনাৰে সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ফলত বহু প্ৰাচীন কীৰ্তিচিহ্ন এতিয়া ধ্বংস আৰু নিশ্চিহ্ন হোৱাৰ পথত । তেনে দুটি বুৰঞ্জী প্ৰসিদ্ধ মৈদাম অৱহেলিত হৈ আছে টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত গৰুহৰা গাঁৱত ।

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ মৈদাম

ইতিহাসৰ মতে আহোম স্বৰ্গদেউ খোৰা ৰজাৰ তুলনীয়া পুতেক নাহৰ ৰজা হৈ টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ন-খাট এলেকাত নতুনকৈ খাট পাতিছিল । নাহৰ ৰজাৰ দুগৰাকী ৰানী আছিল বৰ মেছলৌ আৰু সৰু মেছলৌ । আৰু সেই দুই ৰানীৰ অস্তিত্ব বহন কৰি আহিছে বৰ মেছলৌ আৰু সৰু মেছলৌ নামৰ এই দুটা মৈদামে ৷ কিন্তু পৰিতাপৰ বিষয় যে, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে এই দুই মৈদাম এতিয়া এৰাবাৰীত পৰিণত হৈছে । মৈদাম দুটাৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত পুঁজিৰ আৱন্তন হৈছিল যদিও সেই পুঁজিৰ সঠিক ব্যৱহাৰ নোহোৱাত মৈদাম দুটাৰ বিশেষ কোনো উন্নয়ন পৰিলক্ষিত নহ'ল । বৰ্তমানৰ বিধায়ক বিমল বড়াই মৈদামৰ সুন্দৰ্য বৰ্দ্ধনৰ বাবে প্ৰায় ১৫ লাখ টকাৰ আধাৰশিলা মুকলি কৰিছিল । সেই পুঁজিৰে মৈদাম দুটাৰ পকিবেৰা সম্পূৰ্ণ হ'ল যদিও ঐতিহাসিক মৈদাম দুটাৰ আভ্যন্তৰীণ উন্নয়নৰ বাবে বৰ্তমানেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল । যাৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ মৈদাম দুটাক এক সু-সংগঠিত পৰিকল্পনাৰে সজাই তুলি উপযুক্ত ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন লোকসকলে ৷

Intro:।। ইতিহাস প্ৰসিদ্ধ বৰ মেছলৌ আৰু সৰু মেছলৌ অস্তিত্বৰ সংকটত ॥

Body:টিংখাং- অসমৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সমল সমূহ বৰ্তমান সংকটৰ গৰাহত। চৰকাৰ তথা বিভাগীয় কতৃপক্ষই বিজ্ঞানসন্মতভাৱে নিদিষ্ট পৰিকল্পনাৰে  সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ফলত বহু প্ৰাচীন কীৰ্তি চিহ্ন এতিয়া ধ্বংস আৰু নিশ্চিহ্ন হোৱাৰ পথত।তেনে দুটি বুৰঞ্জী প্ৰসিদ্ধ মৈদাম অৱহেলিত হৈ আছে টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত গৰুহৰা গাঁৱত। 
   ইতিহাসৰ মতে আহোম স্বৰ্গদেউ খোৰা ৰজাৰ তুলনীয়া পুতেক নাহৰ ৰজা হৈ টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ন-খাট এলেকাত নতুনকৈ খাট পাতিছিল। নাহৰ ৰজাৰ দুগৰাকী ৰানী আছিল বৰ মেছলৌ আৰু সৰু মেছলৌ। আৰু সেই দুই  ৰানীৰ অস্তিত্ব বহন কৰি আহিছে বৰ মেছলৌ আৰু সৰু মেছলৌ নামৰ এই দুটা মৈদামে। 
কিন্তু অতি পৰিতাপৰ বিষয় যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে এই দুই মৈদাম এতিয়া এৰাবাৰিত পৰিণত হৈছে। মৈদাম দুটাৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত পুঁজিৰ আৱন্তন হৈছিল যদিও সেই পুঁজিৰ সঠিক ব্যৱহাৰ নোহোৱাত মৈদাম দুটাৰ বিশেষ কোনো উন্নয়ন পৰিলক্ষিত নহ'ল। বৰ্তমানৰ বিধায়ক বিমল বড়াই মৈদামৰ সুন্দৰ্য বৰ্দ্ধনৰ বাবে প্ৰায় ১৫ লাখ টকাৰ আধাৰশিলা মুকলি কৰিছিল। সেই পুজিৰে মৈদাম দুটাৰ পকিবেৰা সম্পূৰ্ণ হ'ল যদিও ঐতিহাসিক মৈদাম দুটাৰ আভ্যন্তৰীণ উন্নয়নৰ বাবে আজিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল। বিশেষকৈ পৰ্যটনস্থলী হিচাপে পূৰ্ণ সম্ভাৱনা থকা ঐতিহাসিক বৰ মেছলৌ আৰু সৰু মেছলৌলৈ পৰ্যতক অহাৰ বাবে নাই বাট-পথৰ সুব্যৱস্থা। লেঙেৰী-চহৰীকটা পকী পথৰ পৰা মৈদামলৈ যোৱা প্ৰায় দেৰ কি.মি কেচা পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবেই কোনো পৰ্যটকে ইচ্ছা থাকিলেও মৈদাম দুটা পৰিদৰ্শন কৰিব নোৱাৰে। ইফালে পৰ্যটকৰ জিৰণি তথা অন্যান্য সুবিধাৰ বাবেও মৈদাম দুটাত নাই কোনো উপযুক্ত ব্যৱস্থা। পূৰ্বে নিৰ্মাণ কৰা জিৰণি কক্ষ কেইটাও বৰ্তমান জহি-খহি গৈছে যদিও সিবিলাকৰ আজিলৈকে পুনৰ মেৰামতি নহ'ল।

Byte - স্থানীয় সচেতন ব্যক্তি।
Conclusion:বুৰঞ্জী প্ৰসিদ্ধ মৈদাম দুটাক এক সু-সংগঠিত পৰিকল্পনাৰে সজাই তুলি সৌন্দৰ্য্য বৰ্দ্ধণ কৰিলে পৰ্যটক সকল আকৰ্ষিত হ'ব বুলি মত প্ৰকাশ কৰি  মৈদাম দুটা  নিশ্চহ্ন হবলৈ নিদি উপযুক্ত ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন ব্যক্তিয়ে। 

টিংখাঙৰ পৰা দীপক গগৈ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.