ETV Bharat / state

আমগুৰিত তিনিটাকৈ মছজিদত একেনিশাই চুৰিকাণ্ড - Amguri crime news

আমগুৰিৰ নামতিত তিনিটাকৈ মছজিদত দুৰ্বৃত্তৰ চুৰিকাণ্ড ৷ দান-পাত্ৰ ভাঙি চোৰে লুটি নিলে বুজন পৰিমাণৰ ধন ৷

আমগুৰিত তিনিটাকৈ মছজিদত একেনিশাই সংঘটিত চুৰিকাণ্ড
author img

By

Published : Nov 17, 2019, 2:21 PM IST

আমগুৰি,17 নৱেম্বৰ: আমগুৰিৰ নামতিত শনিবাৰে একেনিশাই তিনিটাকৈ মছজিদত সংঘটিত চুৰিকাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোৱানিশা নামতিত সংঘটিত দুৰ্ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই পোহৰলৈ আহিছে উক্ত চুৰিকাণ্ডৰ ঘটনা । চোৰে ধাৰাবাহিকভাৱে নামতি অঞ্চলৰ তিনিটাকৈ মছজিদৰ দান-পাত্ৰ ভাঙি লুট-পাত চলায় ৷ চোৰে নামতি চাৰিআলি বৰ মছজিদ, নামতি আলি মছজিদ আৰু টিং মছজিদৰ দান-পাত্ৰ ভাঙি লুট-পাট চলায় ৷ তিনিটা মছজিদৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে উল্লেখ কৰা তথ্যনুসৰি চোৰে পাঁচটাকৈ দান-পাত্ৰ ভাঙে । আনহাতে নামতি চাৰিআলি বৰ মছজিদৰ চি চি টিভিত বন্দী হৈছে সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য ৷ চোৰে দান-পাত্ৰ ভাঙি লক্ষাধিক টকাৰ লুট কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে । প্ৰকৃততে কিমান পৰিমাণৰ ধন নিবলৈ সক্ষম হৈছে সেইয়া এতিয়ালৈকে সঠিকভাৱে জানিব পৰা হোৱা নাই ৷ চোৰে দানপাত্ৰ ভাঙিবলৈ ব্যৱহাৰ কৰা এডাল লোৰ ৰ'ড ঘটনাস্থলীতে এৰি থৈ যোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

তিনিটাকৈ মছজিদত একেনিশাই সংঘটিত চুৰিকাণ্ড

ইতিমধ্যে ঘটনা সন্দৰ্ভত তিনিওটা মছজিদৰ পৰিচালনা সমিতিয়ে নামতি থানাত এজাহাৰ দাখিল কৰিছে ৷ ইফালে চিচি টিভিত বন্দী হোৱা চুৰিকাণ্ডৰ দৃশ্য তদন্তৰ সুবিধাৰ্থে জিলা প্ৰশাসনক অৰ্পণ কৰা হ'ব বুলি অৱগত কৰে মছজিদ পৰিচালনা সমিতিয়ে ৷

আৰু পঢ়ক আমগুৰি নামতিত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু দুজনৰ

Intro:Body:আমগুৰি ১৭ নৱেম্বৰ:
……………………………………
আমগুৰিৰ নামতিত এইবাৰ তিনিটাকৈ মছজিদত চুৰিকাণ্ড। যোৱানিশা দুৰ্ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই পোহৰলৈ আহিছে এই কথা।

চি চি টিভিত বন্দী বৰ মছজিদৰ চুৰিকাণ্ডৰ দৃশ্য।

চোৰে নিশা লুটপাট চলালে মছজিদত

নামতি চাৰিআলি বৰ মছজিদ, নামতি আলি মছজিদ আৰু টিং মছজিদত চোৰে লুটপাট চলাই দানপাত্ৰ ভাঙে

তিনিটা মছজিদৰ পাঁচটাকৈ দানপাত্ৰ ভাঙে চোৰে। আনহাতে নামতি চাৰিআলি বৰ মছজিদৰ চিচি টিভিত বন্দী হৈছে চোৰৰ চুৰিকাণ্ড

চোৰে দানপাত্ৰ ভাঙি লক্ষাধিক টকাৰ লুট কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। প্ৰকৃততে কিমান পৰিমাণৰ ধন নিবলৈ সক্ষম হৈছে সেইয়া সঠিককৈ জানিব পৰা হোৱা নাই

চোৰে দানপাত্ৰ ভাঙিবলৈ ব্যৱহাৰ কৰা এডাল লোহাৰ ৰ'ড এৰি গৈছে

ইতিমধ্যে ঘটনা সন্দৰ্ভত নামতি থানাত এজাহাৰ দাখিল কৰিছে

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.