আমগুৰি, ২৯ জুলাই: ৰাজ্যত কাঠৰ চোৰাং সৰবৰাহ অব্যাহত আছে (Wood Smuggling in Assam)। একাংশই অৰ্থৰ লোভত মূল্যৱান গছ কাটি বন ধ্বংসত জড়িত হৈ পৰিছে । লগতে সেই মূল্যৱান কাঠ অসমৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে দুষ্টচক্ৰটোৱে । কাঠৰ এনে চোৰাং সৰবৰাহ চলি থকাৰ মাজতে আমগুৰিত চাঞ্চল্যকৰ ঘটনা ।
দুগৰাকী ব্যক্তিৰ ঘৰৰ পৰাই চোৰে কাটি লৈ গ'ল মূল্যৱান সাঁচি গছ । নিশা বাৰীত থকা ৫ জোপাকৈ মূল্যৱান সাঁচি গছ চোৰে কাটি লৈ যোৱাত এতিয়া মূৰে কপালে হাত দিছে পৰিয়াল দুটাই (Agor tree stolen in Amguri)।
উল্লেখ্য যে আমগুৰিৰ খঁৰাগড় লোণপুৰীয়াত সংঘটিত হৈছে এই ঘটনা । উপাৰ্জনৰ অন্যতম আহিলা হিচাপে অনিল বৰা আৰু কমল বৰাই বাৰীত মূল্যৱান সাঁচি গছ ৰোপণ কৰিছিল । অতি কষ্টৰে গছ কেইজোপা লালন পালন কৰি ডাঙৰ কৰিছিল দুয়োজনে । কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পেলালে চোৰে ।
দুয়োগৰাকী লোকে গছ কেইজোপা বিক্ৰী কৰি কিছু ধন উপাৰ্জনৰ আশা কৰিছিল যদিও অৱশেষত চোৰৰ চকু পৰিল মূল্যৱান সাঁচি গছ কেইজোপাত । ফলতস্বৰূপে নিশা অনিল বৰাৰ ঘৰৰ বাৰীৰ পৰা ৪ জোপা আৰু কমল বৰাৰ বাৰীৰ পৰা ১ জোপা সাঁচি গছ চোৰে কাটি লৈ যায় । পুৱা গছ কেইজোপা নেদেখি আচৰিত হৈ পৰে পৰিয়াল দুটা ।
তেওঁলোকে জনোৱা মতে গছ কেইজোপাৰ বজাৰ মূল্য কেইবালাখ টকা হ'ব (Agor tree worth Rs 2 lakh stolen in Amguri)। ঘৰৰ সমীপৰ পৰাই এনেদৰে গছ কাটি লৈ যোৱাত এতিয়া নিৰাপত্তাহীনতাত ভূগিছে পৰিয়াল দুটা । ইফালে আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লোণপুৰীয়া গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাক লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে । ইফালে ভুক্তভোগী পৰিয়ালকেইটাই আৰক্ষী তথা প্ৰশাসনক নিৰাপত্তাৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক :Thief arrested at Jania : মাছ কিনিবলৈ গৈ ধৰা পৰিল ছানোৱাৰ