ETV Bharat / state

কি চলিছে ৰাজ্যৰ চিকিৎসাখণ্ডত : ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ

একে সময়তে প্ৰশিক্ষণলৈ দুগৰাকী চিকিৎসক ৷ ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ ৷ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক ৷

author img

By

Published : Jul 9, 2019, 5:11 PM IST

ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ

শিৱসাগৰ, 9 জুলাই : চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টেই স্বাস্থ্য পৰীক্ষা কৰিছে ৰোগীৰ ৷ ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ অধীনৰ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চলিছে এই কাৰ্য ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্চ অথবা যিকোনো কৰ্মচাৰীয়ে অহা ছেপ্তেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ছুটী ল’ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিচতো চিকিৎসালয়ত নাই চিকিৎসক । কৰ্মৰত এ এন এম গৰাকীয়ে জনোৱা মতে দুগৰাকী চিকিৎসকে একে সময়তে প্ৰশিক্ষণলৈ গৈছে । যাৰবাবে দৈনিক অহা 30/40 গৰাকী ৰোগীক কৰ্মৰত ফাৰ্মাচিষ্ট গৰাকীয়েই স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হৈছে । এতিয়া কেৱল এ.এন.এম. গৰাকী আৰু ফাৰ্মাচিষ্ট গৰাকীয়ে বৃহত্তৰ চেপন চকলীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খন চলাই আছে । বিগত 5 বছৰে চিকিৎসালৰখনৰ এই জৰুৰী এম্বুলেন্স সেৱাৰ ভানখনো বিকল হৈ আছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসকৰ ছুটী বাতিল কৰা সময়তে চিকিৎসালয় উদং কৰি দুগৰাকীকৈ চিকিৎসকক প্ৰশিক্ষণলৈ পঠিওৱা কাৰ্যত বিভাগীয় বিষয়াৰ কাণ্ডজ্ঞানহীনতাক সূচাইছে ৷

Intro:Body:অসমৰ চৰকাৰী চিকিৎসালয়ত কি হৈছে ? ফাৰ্মাচিষ্ট চিকিৎসক হৈ ৰোগীক কৰিছে স্বাস্থ্য পৰীক্ষা। কি ব্যৱস্থা লব ছেপ্তেম্বৰ মাহলৈকে ছুটী বন্ধ কৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Story-POOR_HEALTH_SERVICE
Ananta Smith
Sivasagar
09th July

A_SVR_09TH_JULY_801-804_POOR_HEALTH_SERVICE_7203499

অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ চিকিৎসক,নাৰ্চ অথবা যিকোনো কৰ্মচাৰীয়ে অহা ছেপ্তেম্বৰ মাহৰ ৩০ তাৰিখ পৰ্যন্ত ছুটী লব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিচতেো চিকিৎসালয়ত নাই চিকিৎসক। যাৰবাবে ফাৰ্মাচিষ্টেই ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰিছে। ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ অধীন চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰ্তব্যৰত দুজন চিকিৎসকে এটা সপ্তাহে চিকিৎসালয়লৈ অহা নাই। কৰ্মৰত এ এন এম গৰাকীয়ে জনোৱা মতে দুয়োজন চিকিৎসকে হেনো একে সময়তে প্ৰশিক্ষণলৈ গৈছে। যাৰবাবে দৈনিক অহা ৩০/৪০ গৰাকী ৰোগীক কৰ্মৰত ফাৰ্মাচিষ্ট গৰাকীয়েই স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হৈছে। মঙ্গলবাৰৰ পৰা একমাত্ৰ জি.এন.এম. গৰাকীয়েও হেনো ছুটী লৈছে। এতিয়া কেৱল এ.এন.এম. গৰাকী আৰু ফাৰ্মাচিষ্ট গৰাকীয়ে বৃহত্তৰ চেপন চকলীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খন চলাই আছে। আচলতে নামতহে চলি আছে হিমন্ত বিশ্বৰ চিকিৎসালয়খন। চিকিৎসক থাকক বা নাথাকক ৰোগী সদায় আহে। আৰু ফাৰ্মাচিষ্টে প্ৰেছকাইব কৰা দৰৱ টোপোলা বান্ধি লৈ ৰোগী ঘৰমূৱা হয়। প্ৰসূতি ৰোগীয়েই হওক আন জৰুৰী ৰোগীয়েই হওক, ডিমৌলৈ অহা বা মৰাণলৈ যোৱাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই। ইফালে, বিগত ৫ বছৰে চিকিৎসালৰখনৰ এই জৰুৰী এম্বুলেন্স সেৱাৰ ভানখনো বিকল হৈ আছে। এতিয়া প্ৰশ্ন হ'ল স্বাস্থ্যমন্ত্ৰীয়ে ছেপ্তেম্বৰ মাহ পৰ্যন্ত ছুটী লোৱা অথবা কৰ্তব্যত অনুপস্থিত থকা চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীৰ বিৰুদ্ধে FIR দিব। চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ দুগৰাকী চিকিৎসকে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সত্যতা কিমান প্ৰমাণ কৰিবনে স্বাস্থ্যমন্ত্ৰীয়ে ? নে মানুহৰ জীৱনৰ সৈতে হেতালি খেলি এনেদৰে ফাৰ্মাচিষ্ট-নাৰ্ছেই এম বি বি এছ হৈ থাকিব।

Bite1-ভুক্তভোগী ৰোগী
Bite2-চৰকাৰী নাৰ্চConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.