আমগুৰি, ৩১ ডিচেম্বৰ: পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যত ৷ বছৰৰ শেষত হাঁহি-ধেমালি আৰু আনন্দৰ মাজেৰে এসাঁজ লগে ভাগে খোৱাৰ আনন্দই সুকীয়া ৷ প্ৰত্যেক বছৰেই বনভোজৰ দলেৰে ভৰি পৰে ৰাজ্যৰ বনভোজস্থলীসমূহ ৷ CAA আৰু ক’ৰণাৰ আতংকত পাৰ কৰা ২০২০ বৰ্ষৰ শেষৰ ফালে শংকামুক্ত হৈ ওলাই আহিল অসমৰ ৰাইজ ৷ ডেকা-গাভৰু,জেষ্ঠ-কণিষ্ঠই কিছু সময় কটালে এক সুন্দৰ পৰিৱেশত ৷
ৰাজ্যৰ আন আন বনভোজস্থলীসমূহৰ দৰে শিৱসাগৰ জিলাৰ দিখৌ,দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থলী ঐতিহাসিক আজানপীৰ দৰগাহো ভৰি পৰিছে বনভোজ দলেৰে ৷ প্ৰকৃতিৰ ৰম্যভূমিত পৰিণত হৈছে ঐতিহাসিক আজানপীৰ দৰগাহ ৷ প্ৰাকৃতিক দৃষ্টি নন্দন পৰিৱেশে দৃষ্টি আকৰ্ষণ কৰিছে বহু বনভোজ দলৰ লগতে বিভিন্ন জনক ৷ তাৰ মাজতে স'ৰাগুৰি চাপৰিত বনভোজৰ আনন্দত মতলীয়া হৈছে চিকিৎসা কৰ্মীসকলে ৷
উল্লেখ্য যে,বিগত দহ মাহে ক'ৰণা যোদ্ধা হিচাপে চিকিৎসা সেৱা আগবঢ়াই অহা এইসকল চিকিৎসা কৰ্মীয়ে পুৰণিক বিদায় দি নতুনক আদৰাৰ মানসেৰে এনেদৰে ঐতিসাহিক আজানপীৰ দৰগাহৰ সমীপৰ দৰিকা,দিখৌ,ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খায় আনন্দ উল্লাস কৰিছে ৷
লগতে পঢ়ক: অসমৰ শিপিনীয়ে গামোচাত অংকন কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি