ETV Bharat / state

আমগুৰিত ভুৱা নামঘৰে লাভ কৰিলে অসম দৰ্শন আঁচনিৰ সুবিধা

author img

By

Published : Dec 27, 2020, 9:36 AM IST

Updated : Dec 27, 2020, 10:12 AM IST

অসম দৰ্শন আঁচনিৰ নামত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি আমগুৰি বৰবাম চাহ বাগিচাৰ তামোলবাৰী লাইন নামঘৰৰ ৰাইজ ৷ তালিকাভুক্ত প্ৰকৃত নামঘৰৰ সলনি আৰ্থিক অনুদান লাভ কৰিলে আন নামঘৰে ৷

The Assam Darpon scheme
আমগুৰিত ভুৱা নামঘৰে লাভ কৰিলে অসম দৰ্পণ আঁচনিৰ সুবিধা

আমগুৰি,27ডিচেম্বৰ : শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ 2.50 লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয় ৷ কিন্তু তাৰ মাজতে আমগুৰিত তালিকাভুক্ত নামঘৰৰ সলনি আন নামঘৰে লাভ কৰিলে আৰ্থিক অনুদান ৷

অভিযোগ অনুসৰি, ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা আমগুৰি বৰবাম চাহ বাগিচাৰ তামোলবাৰী লাইন নামঘৰে তালিকাত নাথ থকাৰ পাচতো লাভ নকৰিলে অসম দৰ্শন আঁচনিৰ সুবিধা ৷ তাৰ সলনি আন এটা নামঘৰেহে লাভ কৰে আঁচনিৰ সুবিধা ৷ একমাত্ৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ অসম দৰ্শন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তোলে তামোলবাৰী লাইন নামঘৰৰ পৰিচালনা সমিতিয়ে ৷ ইয়াৰ উপৰি এই কাৰ্যৰ দ্বাৰা একপ্ৰকাৰ পৰিচালনা সমিতিক অৱমাননা কৰা বুলিও অভিযোগ কৰে সমিতিৰ বিষয়ববীয়াই ৷

উল্লেখ্য যে,তামোলবাৰী লাইন নামঘৰত সম্প্ৰতি ৯০টা পৰিয়াল অন্তৰ্ভুক্ত হৈ আছে ৷ আনহাতে, এই সমগ্ৰ বিষয় সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ তামোলবাৰী লাইন নামঘৰে শনিবাৰে আমগুৰি ৰাজহ চক্ৰ বিষয়াক এখন অভিযোগ পত্ৰও প্ৰদান কৰে ৷

লগত পঢ়কঃ ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানৰ ঘোষণা অমিত শ্বাহৰ

Last Updated : Dec 27, 2020, 10:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.