শিৱসাগৰ , 04 মে': অচিৰেই শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত এখন ধাৰাবাহিকৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব ৷ দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হ'ব ৰসৰাজৰ চুটি গল্পৰ আধাৰত নিৰ্মিত ধাৰাবাহিকখন ৷
দূৰদৰ্শনৰ কমিছন প্ৰগামৰ অধীনত নিৰ্মাণ কৰা হ'ব বেজবৰুৱাৰ চুটি গল্পৰ ওপৰত আধাৰিত 13 টা খণ্ডৰ ধাৰাবাহিকখন ৷ হিন্দী ভাষাত নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ নাম দিয়া হৈছে "ৰসৰাজ কী ৰসভৰী কথায়ে" ৷ পৰিচালকে জনোৱা অনুসৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত 7 মে'ৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হ'ব ৷ বেজবৰুৱাৰ পাঁচটা সাধু ক্ৰমে দুই বুধিয়ক, সেউতী, লটকণ, পাঁচনি আৰু কুকুৰীকণাৰ আধাৰত 13 টা খণ্ডত এই ধাৰাবাহিকখন দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ'ব ৷ ধাৰাবাহিকখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে বলিউডৰ সমভূষণ শ্ৰীবাস্তৱে ৷