ETV Bharat / state

Teachers protest: শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতুক লৈ কৰা ব্লেক মেইলিং বন্ধ কৰক - প্ৰতিবাদকাৰী শিক্ষক - Teachers protest in Sivasagar

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসম চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা ৷ শিক্ষা সেতু এপ আৰু নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আন্দোলন ঘোষণাৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীক প্ৰত্যাহ্বান শিক্ষক সংগঠনৰ ৷

Teachers protest in Sivasagar
শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতুক লৈ কৰা ব্লেক মেইলিং বন্ধ কৰক
author img

By

Published : Jul 15, 2023, 8:05 PM IST

শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতুক লৈ কৰা ব্লেক মেইলিং বন্ধ কৰক

শিৱসাগৰ, 15 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে শিক্ষক সমাজৰ প্ৰতিবাদ ৷ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসম চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা ৷ শিক্ষা সেতু এপ আৰু নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আন্দোলন ঘোষণাৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীক প্ৰত্যাহ্বান শিক্ষক সংগঠনৰ ৷

শিক্ষা সেতু এপক লৈ শিক্ষক সংগঠনে প্ৰত্যাহ্বান জনায় কয় যে, শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতুক লৈ কৰা ব্লেক মেইলিং বন্ধ কৰক ৷ শিক্ষা সেতু এপক লৈ শিক্ষকৰ আপত্তি নাই ৷ কিন্তু তাৰ আগত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ পূৰ কৰক ৷ কিন্তু চৰকাৰে প্ৰধানশিক্ষকৰ পদ পূৰ কৰাৰ সলনি শিক্ষকে দায়িত্ব পালনৰ বাবে লাভ কৰা 300 টকাৰ ভাট্টা লোৱাৰ বাবে এই সকলো কাম কৰিব লাগিব বুলিহে দাবী কৰে ৷

সেয়েহে শিক্ষক সন্থাই আগন্তুক 19 জুলাইৰ পৰা ব্যৱহাৰিক ভাট্টা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক সকলে ভাট্টা নোলোৱাকৈ পুৰণি কামসমূহ কৰি যাব যদিও নতুন কামৰ দায়িত্ব নলয় বুলি স্পষ্ট কৰি দিয়ে ৷

ঠিক একেদৰে শিক্ষা সেতু এপত কাম কৰিবলৈ অসন্মত হোৱা বিদ্যালয়ৰ পুঁজি বন্ধ কৰাৰ ভাবুকি সন্দৰ্ভত শিক্ষামন্ত্ৰীক উভতি ধৰে শিক্ষক সংগঠনে ৷ প্ৰতিবাদকাৰী শিক্ষকসকলে মিড ডে’ মীলৰ পুঁজি চৰকাৰে বন্ধ কৰিব নে নাই সেইয়া স্পষ্ট কৰিবলৈ দাবী জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুক ৷

যদি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিপৰীতে শিক্ষামন্ত্ৰীয়ে এই পুঁজি বন্ধ কৰাৰ ঘোষণা কৰে তেন্তে অহা 1 আগষ্ট তাৰিখৰ পৰা বন্ধ হ'ব বিদ্যালয়ত মিড ডে মীল ৷ শিক্ষা সেতু এপক লৈ শিক্ষকক ব্লেকমেইলিং আৰু ধমকি দিয়াৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে শিক্ষক সংগঠনে ৷ চৰকাৰে যদি পইচা নিদিয়ে তেন্তে শিক্ষকে কাম কৰা বন্ধ কৰি দিয়া হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৷

আনহাতে নতুন পেঞ্চন নীতিক লৈ শনিবাৰে শিৱসাগৰত অনুষ্ঠিত এক সভাত আগন্তুক 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে শিক্ষক সংগঠনে ৷ প্ৰতিবাদকাৰী শিক্ষকসকলে জনায় দিয়ে যে অহা 5 চেপ্টেম্বৰত গুৱাহাটীত এখন প্ৰতিবাদী সভাৰ পাচত শিৱসাগৰত অন্য এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক: Price Hike in Assam: ছিণ্ডিকেট বন্ধ কৰিলেই দামবৃদ্ধি নিয়ন্ত্ৰণ হ’ব; মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.