মৰাণ, 30 জুলাই: গুৱাহাটীৰ উলুবাৰীস্থিত নিজা বাসভৱনত বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মী অনিমা গুহে ৷ বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মী গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ সচেতন মহলৰ মাজত পৰিছে শোকৰ ছাঁ ৷ ইয়াৰ মাজতে শুকুৰবাৰে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিত বীৰাংগনা মূলাগাভৰু বঁটা প্ৰাপক বিশিষ্ট লেখিকা প্ৰয়াত ড৹ অনিমা গুহৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ সাম্প্ৰতিক অসমৰ নাৰীবাদী চিন্তা-চৰ্চাৰ বাটকটীয়া সকলৰ ভিতৰত অন্যতম মহিলা প্ৰয়াত ড৹ অনিমা গুহক সোণাৰিত 2016 বৰ্ষত প্ৰদান কৰা হৈছিল বীৰাংগনা মূলাগাভৰু বঁটা ৷
উল্লেখ্য যে, 2013 বৰ্ষৰ পৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে অসমৰ মহিয়সী নাৰী বীৰাংগনা মূলাগাভৰুৰ স্মৃতিত প্ৰদান কৰি আহিছে বীৰাংগনা মূলাগাভৰু বঁটা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এইগৰাকী মহিয়সী নাৰীৰ দেহাৱসানত মৰ্মাহত হৈ শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ৷ উল্লেখনীয় যে, প্ৰয়াত অনিমা গুহ একেধাৰে এগৰাকী সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ আছিল ৷ লগতে প্ৰখ্যাত অৰ্থনীতিবিদ তথা সাহিত্যিক প্ৰয়াত অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ ৷
বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো গভীৰ শোক প্ৰকাশ কৰিছে ৷ অনিমা গুহৰ মৃত্যুত ৰাজ্যখনে এগৰাকী বিশিষ্ট সাহিত্যিক হেৰুৱালে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সাহিত্যিকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰিছে ৷
উল্লেখ্য যে, নিয়মীয়াকৈ লেখা-মেলাত ব্যস্ত হৈ আছিল অনিমা গুহ ৷ বিশেষকৈ নাৰীকেন্দ্ৰিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ লিখা-মেলা কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ যাৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ 1978 চনত হোৱা নগাঁও অধিৱেশনলৈ তেওঁ বক্তা হিচাপে নিমন্ত্ৰিত হৈছিল ৷ 1995 চনত বিশ্বনাথ অধিৱেশন আৰু 2000 চনত গোৱালপাৰাত অনুষ্ঠিত অধিৱেশনলৈও তেওঁ নিমন্ত্ৰিত হৈছিল ৷
লগতে পঢ়ক: বিশিষ্ট লেখিকা ড৹ অনিমা গুহৰ দেহাৱসান