ETV Bharat / state

ৰাধা কুমাৰী হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ

ৰে'ল যাত্ৰীৰ সুৰক্ষাৰ প্ৰকৃত স্বৰূপ উদঙাই বিগত বছৰৰ আজিৰ দিনটোতে সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড৷ এগৰাকী মেধাৱী ছাত্ৰীক চলন্ত ৰে'লতেই হত্যা কৰি দবাৰ ভিতৰৰ শৌচালয়ত পেলাই থৈ গৈছিল কোনো দুৰ্বৃত্তই৷

পাশৱিক ৰাধা কুমাৰী হত্যা কাণ্ডৰ এবছৰ
author img

By

Published : Jul 10, 2019, 9:08 PM IST

শিৱসাগৰ, 10 জুলাইঃ এবছৰ পূৰ্বে সংঘটিত হোৱা ৰাধা কুমাৰী হত্যাকাণ্ডৰ ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ দেশ ।কিন্তু ঘটনাৰ এবছৰৰ পাছতো শাস্তি ঘোষণা নহল দুই অভিযুক্ত ক্ৰমে বিকাশ আৰু বিপিনৰ। আদালতে দি গ'ল তাৰিখৰ পিচত তাৰিখ ৷ আজিও শিৱসাগৰ আদালতত চলি আছে এই গোচৰ । আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ বিপক্ষ অধিবক্তাৰ ৷

পাশৱিক ৰাধা কুমাৰী হত্যা কাণ্ডৰ এবছৰ

শিৱসাগৰ, 10 জুলাইঃ এবছৰ পূৰ্বে সংঘটিত হোৱা ৰাধা কুমাৰী হত্যাকাণ্ডৰ ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ দেশ ।কিন্তু ঘটনাৰ এবছৰৰ পাছতো শাস্তি ঘোষণা নহল দুই অভিযুক্ত ক্ৰমে বিকাশ আৰু বিপিনৰ। আদালতে দি গ'ল তাৰিখৰ পিচত তাৰিখ ৷ আজিও শিৱসাগৰ আদালতত চলি আছে এই গোচৰ । আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ বিপক্ষ অধিবক্তাৰ ৷

পাশৱিক ৰাধা কুমাৰী হত্যা কাণ্ডৰ এবছৰ
Intro:Body:*শিৱসাগৰৰ চাঞ্চল্যকৰ ৰাধী কুমাৰী হত্যাকাণ্ডৰ আজি এবছৰ-এতিয়াও ন্যায় পোৱা নাই ৰাধাৰ পৰিয়ালে-তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ গাফিলতিৰ অভিযোগ অধিবক্তাৰ*
Story-RADHA_KUMARI
Ananta Smith
Sivasagar
10th July

A_SVR_10TH_JULY_801-805_RADHA_KUMARI_7203499

বিগত বছৰৰ আজিৰ দিনটোত সংঘটিত এক অভিশপ্ত ঘটনা।এগৰাকী মেধাৱী ছাত্ৰক চলন্ত ৰেলত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।চৰকাৰে ঘোষণা কৰিছিল ফাষ্টট্ৰেক আদালতত শুনানী হ'ব।কিন্তু আজিলৈকে ন্যায় নাপালে দুৰ্ভগীয়া যুৱতী গৰাকীৰ পৰিয়ালে।

২০১৮ চনৰ ১০ জুলাই।শিৱসাগৰৰ নগৰৰ ৰেল ষ্টেচনৰ পৰা মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰিছিল এগৰাকী মেধাৱী যুৱতীয়ে।কিন্তু শিৱসাগৰ নগৰৰ পৰা শিমলুগুৰিলৈ ২০ মিনিটৰ যাত্ৰাত সকলো শেষ হৈ গল।এক অথবা অধিক নৰ পিশাচে কম বয়সীয়া যুৱতী গৰাকীক চলন্ত ৰেলৰ ভিতৰত ধৰ্ষণ কৰি হত্যা কৰিলে।ভাৰতীয় ৰেল বিভাগৰ ইতিহাসত আন এক নাৰকীয় ঘটনা সংযোজন হ'ল।পুত্ৰী ৰাধাৰ মৃতদেহৰ সন্মুখত মাতৃৰ কান্দোন।আৰ্থিক ভাৱে পিছপৰা পিতৃহীন পৰিয়ালটোৰ ভৰষা আছিল ৰাধা।যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা আছিল পৰিয়ালটোৰ ভাল দিনৰ সপোন।কিন্তু সকলো যেন ১৫-২০ মিনিটৰ ভিতৰত শেষ হৈ গল।কেৱল পৰি ৰল ৰাধাৰ নিঠৰ দেহ আৰু মাতৃৰ কান্দোন।

ঘটনাটোৱে জোঁকাৰি গল সমগ্ৰ দেশ।তৎপৰ হৈ পৰিল চৰকাৰ-প্ৰশাসন-আৰক্ষী।ৰাধাৰ ঘৰলৈ মন্ত্ৰী-আমোলাৰ সোঁত বব ধৰিলে।চৰকাৰে তৎকালীন ক্ষতিপূৰণ দিলে।কিন্তু সময়ৰ লগত সকলো চেঁচা পৰিল।কেৱল ৰাধাৰ মাকৰ বুকুত উমি উমি জ্বলি থাকিল একুৰা জুই।

আৰক্ষীয়ে তৎপৰতা দেখুৱাই দুজন আভিযুক্তক গ্ৰেপ্তাৰ কৰিলে।আৰম্ভ হ'ল বিচাৰ প্ৰক্ৰিয়াৰ।কিন্তু ঘটনাৰ এবছৰৰ পাছতো শাস্তি ঘোষণা নহল দুই অভিযুক্ত ক্ৰমে বিকাশ আৰু বিপিনৰ।আজিও শিৱসাগৰ আদালতত চলি আছে এই গোচৰ।

Bite1-অধিবক্তা

বিপক্ষ অধিবক্তাৰ আৰক্ষীৰ প্ৰতি অভিযোগ গুৰুত্বপূৰ্ণ।ৰেল আৰক্ষীৰ লগতে শিৱসাগৰ আৰক্ষীয়ে তদন্তৰ নামত কৰা গাফিলতি নিশ্চয় অপৰাধীৰ বাবে লাভজনক হব।


Bite2-অধিবক্তা

হয়তু আৰু কিছুদিনৰ পাছত আদালতে ৰায়দান দিব দুই অভিযুক্তৰ বিৰুদ্ধে।ফাঁচী অথবা যাৱজীৱন কাৰাদণ্ড।কিন্তু আজিৰ দিনটোত এনে ৰায়দান হোৱা হলে ৰাধাৰ মাতৃৰ বুকুত জ্বলি থকা জুইৰ উত্তাপ কিছু কম হলে হয়।আইনী ইতিহাসত ফাষ্টট্ৰেক কৰ্টৰ গুৰুত্ব প্ৰতিফলিত হলে হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.