ETV Bharat / state

চৰাইদেউ মৈদামক চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰাৰ যড়যন্ত্ৰ কাৰ ?

author img

By

Published : Mar 7, 2020, 11:34 AM IST

চৰাইদেউৰ ঐতিহ্য বহনকাৰী পবিত্ৰ মৈদামস্থলীক এটা বিশেষ চক্ৰই চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰি চুবুৰীয়া জিলাত অন্তৰ্ভূক্ত কৰাৰ ব্যাপক চেষ্টা চলাই থকাৰো অভিযোগ শিৱসাগৰ জিলা টাই আহোম যুৱ পৰিষদৰ ৷ বিষয়টোক তীব্ৰ বিৰোধীতা কৰি এনেধৰণৰ ষড়যন্ত্ৰমূলক কামৰ পৰা চৰকাৰক বিৰত থাকিবলৈ সকীয়াই দিয়ে টাই সংগঠনটোৰ ৷

Tai Ahom yuva parisad reaction about Charaideo moidam case
চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰাৰ যড়যন্ত্ৰ একাংশৰঃ প্ৰতিক্ৰিয়া টাই আহোম যুৱ পৰিষদৰ

চৰাইদেউ,7 মাৰ্চ: চৰাইদেউ জিলা গঠন হোৱা চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো নিৰ্ধাৰিত হোৱা নাই জিলাখনৰ নিৰ্ধাৰিত সীমা ৷ 2015 চনতে নতুনকৈ গঠন হোৱা জিলাখনৰ আন্তঃগাঠনিৰ উন্নয়ন নোহোৱাৰ উপৰিও জিলা খনৰ সীমা নিৰ্ধাৰণ নোহোৱাত তীব্ৰ ক্ষোভ তথা প্ৰতিক্ৰিয়া প্ৰকাশ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ ৷ আনহাতে চৰাইদেউৰ ঐতিহ্য বহনকাৰী পবিত্ৰ মৈদামস্থলীক এটা বিশেষ চক্ৰই চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰি চুবুৰীয়া জিলাত অন্তৰ্ভুক্ত কৰাৰ ব্যাপক চেষ্টা চলাই থকাৰো অভিযোগ শিৱসাগৰ জিলা টাই আহোম যুৱ পৰিষদৰ ৷ এই বিষয়টোক তীব্ৰ বিৰোধিতা কৰি এনেধৰণৰ ষড়যন্ত্ৰমূলক কামৰ পৰা চৰকাৰক বিৰত থাকিবলৈ সকীয়াই দিয়ে টাই আহোম যুৱ পৰিষদে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ শিৱসাগৰ জিলা টাই আহোম যুৱ পৰিষদৰ ৷

উল্লেখ্য যে চৰাইদেউ মৈদাম ক্ষেত্ৰক যদি চৰাইদেউ জিলাৰ ভৌগোলিক সীমাৰ পৰা কৰ্তন কৰা হয় তেতিয়া হলে চৰাইদেউ জিলাৰ অস্তিত্বই নাথাকিব বুলি মন্তব্য কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ৷ লগতে উক্ত বিষয় সন্দৰ্ভত সংশ্লিষ্ট বিধায়ক আৰু সাংসদক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা টাই আহোম যুৱ পৰিষদে ৷

লগতে পঢ়কঃ নগাঁৱত জাল নোট প্ৰস্তুত কৰা চক্ৰ গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.