শিৱসাগৰ, ১ আগষ্ট : নৰক কুণ্ডত পৰিণত হৈছে ঐতিহাসিক শিৱসাগৰ চহৰ । বিগত তিনি দিন ধৰি শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মীসকলে পালন কৰা নাই কৰ্তব্য (Swiper strike of Shivasagar Municipality) । লগতে চাফাই কৰ্মীসকলৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় চৌহদ ।
উল্লেখ্য, দেওবাৰে ব'ল-ব'মৰ বাবে সোমবাৰৰ দিনটোত এক নৰক কুণ্ডলৈ পৰিণত হয় ঐতিহাসিক শিৱসাগৰ চহৰ । বিজেপি নেতৃত্বাধীন পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ (Anger expressed against BJP led municipality of Shivasagar) কৰি চাফাই কৰ্মীসকলে ধৰ্মঘট কৰাৰ ফলতে এক অভাৱনীয় দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে শিৱসাগৰ নগৰত ।
উল্লেখ্য, দৰমহা বৃদ্ধি কৰা আৰু চাকৰি স্থায়ীকৰণৰ দাবীত শনিবাৰৰ পৰা চাফাই কৰ্মীসকলে অব্যাহত ৰাখিছে ধৰ্মঘট (Swiper demanded regularization pf post and increased salary) । ফলত চহৰৰ চৌদিশে দম বান্ধিছে জাবৰ-জোঁথৰে । ইয়াৰ মাজতে সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।
আনহাতে, চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি পৌৰসভাৰ শীৰ্ষ নেতৃত্বই কোনো গুৰুত্ব নিদি উপলুঙা কৰা বুলিহে অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ । বছৰ বছৰ ধৰি চাফাই কাম কৰি অহাৰ পিছতো পৌৰসভাৰ বিষয়ববীয়াসকলে বৰ্তমান চাফাই কৰ্মীসকলৰ দাবীক সন্মান নিদিয়াৰো অভিযোগ উঠিছে । তেওঁলোৰ দাবী মানি লোৱাৰ পৰিৱৰ্তে কামৰ পৰা অব্যাহতি দিয়াৰহে ভাবুকি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে চাফাই কৰ্মীসকলে ।
সেয়ে জিলা প্ৰশাসনিক বিষয়া, পৌৰ নেত্ৰীৰ সন্মুখতে চাফাই কৰ্মীসকলে ক্ষোভ উজাৰি বিগত চল্লিছ বছৰ ধৰি পৌৰ নেতৃত্বই চাফাই কৰ্মীসকলক শোষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰে ।
ইপিনে চাফাই কৰ্মীসকলৰ দাবী বৰ্তমান মানি ল'ব পৰা নহ'ব বুলি ইংগিত দিছে শিৱসাগৰ পৌৰসভাই । ইয়াৰ সমান্তৰালভাৱে কোনোপধ্যেই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে চাফাই কৰ্মীসকলে । ফলত দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে এতিয়া আৱৰ্জনাৰ পাহাৰ সৃষ্টি হোৱাত দুৰ্ভোগ ভুগিছে শিৱসাগৰ চহৰবাসীয়ে ।
লগতে পঢ়ক : Moina Nayak tregedy: ডিব্ৰুগড়ৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ত আট্ছাৰ প্ৰতিবাদ