শিৱসাগৰ, 18 জুলাই: শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ সোমবাৰে সামৰণি পৰে (Sivasagar Baratjibi Sangha session ended)। দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই অধিবেশনৰ দ্বিতীয় দিনা শিৱসাগৰ নগৰৰ যুৱদলত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাছত এখন সাংবাদিক কৰ্মশালাৰো আয়োজন কৰা হয় (Journalist Workshop in Sivasagar)।
জিলাখনত কৰ্মৰত সাংবাদিকৰ লগতে সাংবাদিকতা অধ্যয়ন কৰি থকা ভালেমান ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে । কৰ্মশালাত সমল ব্যক্তি ৰূপে আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা (Senior journalist Gautam Sharma) আৰু শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ড৹ উৎপল দত্তই অংশগ্ৰহণ কৰে । এই সভাৰ জৰিয়তে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰ জ্যোতি মহন্তই ।
অধিৱেশনৰ মুকলি সভাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা, বিশিষ্ট শিক্ষাবিদ ড৹ সব্যসাচী মহন্ত আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই মুকলি সভাতে অধিৱেশন উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটা বিতৰণো কৰা হয় ।
দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে শিৱসাগৰ জিলা সমিতিৰ অনাগত কাৰ্যকালৰ বাবে পুনৰ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাক সভাপতি আৰু মনোজ গগৈক সম্পাদক হিচাপে লৈ ১৮ জনীয়া এখন শক্তিশালী সমিতিয়ো গঠন কৰা হয় ।
লগতে পঢ়ক: Story of Miles Bronson: অসম আৰু অসমীয়াৰ প্ৰেমত পৰা এজন বগা চাহাবৰ কাহিনী