ETV Bharat / state

শিৱসাগৰত স্কুটী লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Feb 17, 2021, 5:40 PM IST

শিৱসাগৰত স্কুটী লাভ নকৰা একাংশ ছাত্ৰীৰ প্ৰতিবাদ । শিৱসাগৰ নগৰৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ণৰত ২০১৮-১৯ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ একাংশ ছাত্ৰীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

শিৱসাগৰত স্কুটী লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ
শিৱসাগৰত স্কুটী লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ

শিৱসাগৰ,১৭ ফেব্ৰুৱাৰী: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী প্ৰদান কৰিছে অসম চৰকাৰে । বিভিন্ন জিলাত পৰ্যায়ক্ৰমে ছাত্ৰীসকলক বিতৰণ কৰা হৈছে স্কুটীসমূহ । কিন্তু তাৰ মাজতে বিভিন্ন ঠাইত স্কুটী বিতৰণৰ নামত বেমেজালি সৃষ্টি হোৱাৰ অভিযোগ আহিছে । এইবাৰ স্কুটীকলৈ শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ছাত্ৰীয়ে । শিৱসাগৰ নগৰৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ণৰত ২০১৮-১৯ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ একাংশ ছাত্ৰীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰী সকলৰ অভিযোগ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে । তেওঁলোকৰ মতে বহু জিলাত ২০১৩-১৪ বৰ্ষৰো ছাত্ৰীক স্কুটী প্ৰদান কৰিছে কিন্তু তেওঁলোক ২০১৮-১৯ বৰ্ষৰ হৈও স্কুটী লাভ কৰা নাই ।

কেৱল এয়াই নহয় স্কুটী লাভ কৰা ছাত্ৰীৰ তালিকাত ছাত্ৰৰ নাম অন্তৰ্ভূক্ত হোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰীসকলে । প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে বঞ্চিত ছাত্ৰীসকলক স্কুটী প্ৰদানৰ বাবে দাবী জনাই ছাত্ৰীসকলে । প্ৰতিবাদৰ অন্তত ছাত্ৰীসকলে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক:গুৱাহাটীত গ্ৰেপ্তাৰ ৱেব পৰ্টেলৰ মুখ্য সম্পাদক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.