ETV Bharat / state

শিৱসাগৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Oct 3, 2020, 8:37 PM IST

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ মূল সভাৰ পূৰ্বে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে পতাকা উত্তোলন কৰে ৷

State Executive Meeting of Bharatiya Janata Yuva Morcha begins
আৰম্ভ হ'ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

শিৱসাগৰ, 3অক্টোবৰঃ কঁকালত টঙালি বান্ধি 2021ৰ বিধানসভা নিৰ্বাচনী ৰণৰ বাবে সাজু ভাৰতীয় জনতা পাৰ্টী ৷ তাৰেই পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে দলটোৰ তৎপৰতাও ৷ শনিবাৰৰ পৰা ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ ONGC কলনীস্থিত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চত আৰম্ভ হৈছে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷

আৰম্ভ হ'ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ মূল সভাৰ পূৰ্বে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে পতাকা উত্তোলন কৰে ৷

সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত পুনৰ বিজেপি দলে চৰকাৰ গঠন কৰাৰ লগতে বিজেপি দলৰ শিপা যথেষ্ট শক্তিশালী বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আঞ্চলিক দল গঠন হ'লেও বিজেপি দল ক্ষতিগ্ৰস্ত নহয় বুলি কয় ৷ নতুন দলসমূহে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলকহে ক্ষতি কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

ইপিনে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ নবনিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদ কামাখ্যা প্ৰসাদ তাছা, ফণী ভূষণ শৰ্মা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন, মুখপাত্ৰ জয়ন্ত দাসকে ধৰি বহুকেইজন সাংসদ আৰু বিধায়ক ৷

উল্লেখযোগ্য যে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসমৰ 39 টা সাংগঠনিক জিলাৰ পৰা 4 জনকৈ প্ৰতিনিধি আৰু প্ৰতিখন জিলাৰ পৰা 2 গৰাকীকৈ যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ।

আনহাতে, এই সভাত বর্তমান ৰাজনৈতিক প্ৰেক্ষাপট, আগন্তুক 21 ৰ বিধান সভা নিৰ্বাচন , চ'ছিয়েল মিডিয়া ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব বুলি যুৱ মৰ্চাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃপাচলি বজাৰত জুই : মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.