ETV Bharat / state

নিউ লুক একাডেমীৰ উদ্যোগত বিশেষ বক্তৃতা অনুষ্ঠান

author img

By

Published : Nov 13, 2021, 6:05 PM IST

নিউ লুক একাডেমীৰ উদ্যোগত, শিৱসাগৰ লেখিকা সমাৰোহ সমিতি আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে দিগন্ত বিশ্ব শৰ্মাই ।

Special lecture programme in New Look Academy sivasagar
নিউ লুক একাডেমীৰ উদ্যোগত বিশেষ বক্তৃতা অনুষ্ঠান

শিৱসাগৰ, 13 নৱেম্বৰ : শিৱসাগৰ নগৰৰ নিউ লুক একাডেমীৰ উদ্যোগত, শিৱসাগৰ লেখিকা সমাৰোহ সমিতি আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ নিউ লুক একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত "শ্ৰী অৰবিন্দৰ আলোকপাত কাব্য সাহিত্য আৰু শিল্পকলাৰ অভিব্যঞ্জনা" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে শ্ৰীৰাম কৃষ্ণ, স্বামী বিবেকানন্দ তথা শ্ৰী অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শৰ্মাই ।

অনুবাদ ৰূপে ইতিমধ্যে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰা দিগন্ত বিশ্ব শৰ্মাই বিষয় সন্দৰ্ভত এক সাৰগৰ্ভ, ভাৰতীয় সংস্কাৰ-সংস্কৃতিৰে উদ্বুদ্ধ এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ উপ-সভাপতি, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীৰ লগতে সাহিত্যিক ড৹ নিৰুপমা মহন্ত আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সভানেত্ৰী মণিকা শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ৷

বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে গুৰু শিষ্যৰ মধুৰ মিলনস্থল শিক্ষানুষ্ঠানত সমাজ গঢ়াৰ বীজ ৰোপন হয় বুলি উল্লেখ কৰে । মেঘালী হাজৰিকাই আঁত ধৰা অনুষ্ঠানত দিগন্ত বিশ্ব লশৰ্মাৰ চমু পৰিচয় দাঙি ধৰে নিউ লুক একাডেমীৰ অধক্ষ্য শ্ৰীমন্ত বৰঠাকুৰে ।

লগতে পঢ়ক: Cheat in Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.