শিৱসাগৰ,29আগষ্টঃ আৰক্ষী কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যৰ ন্যায় বিচাৰি শিৱসাগৰ সদৰ থানাত য়েইনৰ পত্নী-জীয়ৰীৰ এজাহাৰ । শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ দৰবাৰে শাস্তি প্ৰদান কৰাৰ ফলত আৰক্ষী কনিষ্টবলৰ জনৰ মৃত্যুৰ অভিযোগ পত্নীৰ । শিৱসাগৰ আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষই অভিযোগ নাকচ কৰিছে যদিও ঘটনা প্ৰসংগত উন্মোচিত হৈছে ন ন তথ্য । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা পৰমানন্দ য়েইন নামৰ আৰক্ষী কনিষ্টবলজনৰ মৃত্যুক লৈ অব্যাহত আছে ভিন্ন মহলত প্ৰতিক্ৰিয়া । আৰক্ষী জনৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি উত্থাপন হৈছে বহু অভিযোগ । ইপিনে য়েইনৰ পৰিয়ালে সমগ্ৰ ঘটনাক লৈ দোষাৰোপ কৰিছে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক ।
উল্লেখ্য যে জাতীয় সংগঠনৰ নেতাৰ অভিযোগত আৰক্ষী অধীক্ষক সিনহাই পৰমানন্দ য়েইনক ভয়ংকৰ গৰমত শাৰিৰীক শাস্তি প্ৰদান কৰিছিল । যাৰ ফলত অসুস্থ হৈ পৰা য়েইনে অৱশেষত মঙলবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাণত্যাগ কৰে । শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ স্পষ্ট মতামত হঠাৎ আৰক্ষীজনৰ মৃত্যু হোৱাৰ বাবেই মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব লগা হয় ।