ETV Bharat / state

ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান শিৱসাগৰ প্ৰশাসনৰ

মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা প্ৰশাসনে ৷ লগতে,সকলোকে সামাজিক দুৰত্ব আৰু স্বাস্থ্যবিধি মানি চলি পবিত্ৰ ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷

SIVSGAR DC APPEAL TO SIVSAGR PEOPLE
ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান শিৱসাগৰ প্ৰশাসনৰ
author img

By

Published : Jul 29, 2020, 7:04 PM IST

শিৱসাগৰ, 29 জুলাই : মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা প্ৰশাসনে ৷ লগতে,সকলোকে সামাজিক দুৰত্ব আৰু স্বাস্থ্যবিধি মানি চলি পবিত্ৰ ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷

ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান শিৱসাগৰ প্ৰশাসনৰ

আনহাতে,মছজিদত তিনিজন লোকতকৈ অধিক লোকে একেলগ হৈ সামুহিক নামাজ আদায় কৰিব নোৱাৰে বুলি স্পষ্ট কৰে শিৱসাগৰ প্ৰশাসনে ৷ গতিকে,দেশ আৰু দহৰ স্বাৰ্থত সকলোকে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি সামুহিক নামাজৰ পৰিৱৰ্তে ঘৰতে বহি নামাজ আদায় কৰিবলৈ শিৱসাগৰবাসী ৰাইজক আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ৷

উল্লেখ্য যে,28 জুলাইৰ নিশা স্বাস্থমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা ৰোগীৰ সংখ্যা 34947 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 26618 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 8238 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 88 গৰাকী ৷

লগতে পঢ়ক: বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিলৈ 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.