ETV Bharat / state

শিৱসাগৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - ইস্কেনিঙ চেণ্টাৰ গঠন

চিকিৎসালয় আৰু প্ৰশাসনে সন্মুখীন হোৱা সকলো সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শৰ্মাই ৷ ইপিনে অন্য জিলাৰ তুলনাত শিৱসাগৰৰ পৰিস্থিতি ভাল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

sivsagar-visit-himanta-biswa-sharma-during-covid-19-situation-observation
শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 19, 2020, 8:41 PM IST

শিৱসাগৰ,19জুলাইঃ শিৱসাগৰ জিলাত উপস্থিত হৈ কোভিড-১৯ৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী শৰ্মাই শিৱসাগৰ জিলাত অধিক টেষ্ট কৰাৰ লগতে ১০০ অতিৰিক্ত বিচনাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে ৷ লগতে শিৱসাগৰ নগৰত চাৰিটাকৈ কোভিড-19ৰ ই-স্কেনিং চেণ্টাৰ গঠনৰ পৰামৰ্শ আগবঢ়ায় প্ৰশাসনক ৷ ইপিনে চিকিৎসালয় আৰু প্ৰশাসনে সন্মুখীন হোৱা সকলো সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শৰ্মাই ।

উল্লেখযোগ্য যে অন্য জিলাৰ তুলনাত শিৱসাগৰৰ পৰিস্থিতি ভাল বুলি উল্লেখ কৰি শৰ্মাই ৰেপিড টেষ্ট বঢ়োৱাৰ সৈতে জিলাখনত ১৪৪ ধাৰা আৰু আন্তঃজিলা পৰিবহণ নিষিদ্ধ কৰাৰ বাবে প্ৰশাসনক অনুৰোধ কৰে । লগতে শনি আৰু দেওবাৰৰ লকডাউন অব্যাহত থাকিব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই ।

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইপিনে পৰ্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদ তপন গগৈ,কামাখ্যা প্ৰসাদ তাছা,জিলা উপায়ুক্ত লক্ষী নন্দন গগৈসহ প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.