ETV Bharat / state

ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অংকণেৰে বিশ্ব অভিলেখ উৎপল শৰ্মাৰ

author img

By

Published : May 11, 2020, 11:37 AM IST

চিত্রশিল্পৰ বাবে বিশেষভাৱে অনুৰাগী উৎপল শৰ্মাই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি ভাৰতৰ পণ্ডিচেৰীৰ পৰা ধাৰাবাহিক ৰূপে প্রকাশ পায় অহা বিশ্বৰ বিভিন্ন অভিলেখক স্বীকৃতি প্রদানকাৰী সংস্থা এচিষ্ট ৱর্ল্ড ৰেকর্ডচ গৱেষণা সংস্থাৰ পুস্তিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে।

Sivsagar Utpal sarma world record in micro painting
ক্ষুদ্ৰাকৃত চিত্ৰ অংকণ কৰি বিশ্ব অভিলেখ শিৱসাগৰৰ উৎপল শৰ্মাৰ

শিৱসাগৰ, 11 মে' : নিজ একাগ্ৰতা আৰু অধ্যৱসায়ৰ জড়িয়তে সময়ৰ সৎ ব্যৱহাৰ কৰি জীৱনত সফল হ'ব পৰা যায় । মাথো প্রয়োজন এটা সৃষ্টিশীল মনৰ । ক'ৰণা ভাইৰাছৰ বাবে দেশত লক্​ ডাউন ঘোষনা কৰাৰ লগে লগে স্তব্ধ হৈ পৰিছে জনজীৱন । ব্যস্তময় দৈনন্দিন জীৱনৰ পৰা অৱসৰ পালে মানৱ জাতিয়ে। জৰুৰীকালীন সেৱাত নিয়োজিত সকলক বাদ দি দেশবাসীয়ে অফুৰন্ত সময় নিজৰ মাজত অতিবাহিত কৰিছে । গৃহবন্দী হৈ থকা বিভিন্ন জনে বিভিন্ন ধৰণে সময় কটাবলৈ লোৱাৰ মাজতে এই সময়চোৱাত একাংশই কিন্তু সময়ৰ সৎ ব্যৱহাৰ কৰি নিজৰ প্রতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ উদাহৰণ শিৱসাগৰৰ ফুকন নগৰৰ নিৱাসী উৎপল শৰ্মা।

চিত্রশিল্পৰ বাবে বিশেষভাৱে অনুৰাগী উৎপল শৰ্মাই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি ভাৰতৰ পণ্ডিচেৰীৰ পৰা ধাৰাবাহিক ৰূপে প্রকাশ পায় অহা বিশ্বৰ বিভিন্ন অভিলেখক স্বীকৃতি প্রদানকাৰী সংস্থা এচিষ্ট ৱর্ল্ড ৰেকর্ডচ গৱেষণা সংস্থাৰ পুস্তিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । উক্ত সংস্থাটোৱে ভাৰতত বলৱৎ হৈ থকা লক্​ ডাউনৰ সময়চোৱাত বিভিন্নজনৰ সৃষ্টিশীলতাক প্রকাশ কৰি এই সময়খিনিৰ সদ ব্যৱহাৰ কৰাৰ বাবে এক সুবিধা প্ৰদান কৰিছিল। এই সুবিধাক সঁহাৰি জনাই উৎপল শৰ্মাই ২৭ মার্চৰ পৰা আৰম্ভ কৰিছিল অংকন কার্য।

উৎপল শৰ্মাই অংকনৰ বিষয়বস্তু হিচাপে বাছি লৈছিল পশু-পক্ষী, জীৱ-জন্তু,দেশৰ কীর্তিচিহ্ন সমূহ , বিশ্বৰ বৰেণ্য ব্যক্তি ইত্যাদি। এই চিত্ৰ সমূহৰ আকাৰ আছিল মাত্ৰ ৫ মিলি মিটাৰৰ পৰা ১২ মিলি মিটাৰ ৷ ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰিবলৈ ১২ দিন সময় লাগিছিল বুলি জানিবলৈ দিছে চিত্রকৰ জনে। উল্লেখ্য যে, পেছাত এজন গ্রাফিক্স ডিজাইনাৰ তথা হস্তশিল্পৰ চর্চাকাৰী উৎপলে ইয়াৰ পূৰ্বেও ২০১২ বর্ষত ৩.৭ ছেন্টিমিটাৰ জোখৰ ব্রমাইড পেপাৰত ছার্জিকেল ব্লেডেৰে বিশ্বৰ সপ্ত আচৰ্য্য অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকর্ডচত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বৰপেটা ৰত্ন গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.