শিৱসাগৰ, 21 চেপ্তেম্বৰঃ সঘনে স্থান সলনি হয় আলফাৰ শিবিৰৰ ৷ ভাৰত চৰকাৰৰ মতে আলফা স্বাধীন দুৰ্বল যদিও এতিয়াও শক্তিশালী স্থিতিত আছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন ৷ ম্যানমাৰৰ ঘন হাবিৰ পৰা নিয়ন্ত্ৰণ কৰি আছে আলফাৰ কাম কাজ ৷ অসমত এতিয়াও চলি আছে আলফা স্বাধীনৰ কাম কাজ ৷ এই কথা আমাৰ নহয় ৷ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা মূলসূতিলৈ ওলাই অহা এগৰাকী আলফা স্বাধীনৰ কেডাৰৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ বৰ্তমান আলফা স্বাধীনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে মুখ খুলিছে এইগৰাকী আলফা স্বাধীনৰ কেডাৰে ৷ আলফা নেতা ৰূপান্তৰ কাকতিৰ পৰিবাৰ আলফা কেডাৰ মাজনী দাস ওৰফে ধৰিত্ৰী অসমে স্বামী ঢুকুৱাৰ পিচতে ম্যানমাৰৰ পৰা ঘূৰি আহিছে ঘৰলৈ ৷ ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত আলফাত যোগদান কৰা মাজনী দাস ওৰফে ধৰিত্ৰী অসম বহু বছৰ ধৰি আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়ত প্ৰচাৰ গোটত কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ তেওঁৰ মতে সম্প্ৰতি আলফা স্বাধীনৰ আৰ্থিক অৱস্থা ভাল নহয় ৷
সন্তানসহ আলফাৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিল দুৰ্ধৰ্ষ মহিলা কেডাৰ - শিৱসাগৰ
ম্যানমাৰৰ পৰিস্থিতি বৰ্তমান ভাল নহয়, আলফাৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিল দুৰ্ধৰ্ষ কেডাৰ, বাৰ্মিজ আৰ্মীৰ আক্ৰমণৰ পিচতে আলফাৰ শিবিৰত এতিয়া চলিছে বেয়া দিন ৷
শিৱসাগৰ, 21 চেপ্তেম্বৰঃ সঘনে স্থান সলনি হয় আলফাৰ শিবিৰৰ ৷ ভাৰত চৰকাৰৰ মতে আলফা স্বাধীন দুৰ্বল যদিও এতিয়াও শক্তিশালী স্থিতিত আছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন ৷ ম্যানমাৰৰ ঘন হাবিৰ পৰা নিয়ন্ত্ৰণ কৰি আছে আলফাৰ কাম কাজ ৷ অসমত এতিয়াও চলি আছে আলফা স্বাধীনৰ কাম কাজ ৷ এই কথা আমাৰ নহয় ৷ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা মূলসূতিলৈ ওলাই অহা এগৰাকী আলফা স্বাধীনৰ কেডাৰৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ বৰ্তমান আলফা স্বাধীনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে মুখ খুলিছে এইগৰাকী আলফা স্বাধীনৰ কেডাৰে ৷ আলফা নেতা ৰূপান্তৰ কাকতিৰ পৰিবাৰ আলফা কেডাৰ মাজনী দাস ওৰফে ধৰিত্ৰী অসমে স্বামী ঢুকুৱাৰ পিচতে ম্যানমাৰৰ পৰা ঘূৰি আহিছে ঘৰলৈ ৷ ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত আলফাত যোগদান কৰা মাজনী দাস ওৰফে ধৰিত্ৰী অসম বহু বছৰ ধৰি আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়ত প্ৰচাৰ গোটত কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ তেওঁৰ মতে সম্প্ৰতি আলফা স্বাধীনৰ আৰ্থিক অৱস্থা ভাল নহয় ৷
Story-ULFA_AT_HOME
Ananta Smith
Sivasagar
21st September
এসময়ৰ আলফাৰ দুৰ্ধষ নেতা চাৰ্জেণ্ট মেজৰ ৰূপান্তৰ কাকতিৰ পৰিবাৰ মাজনী দাস ওৰফে ধৰিত্ৰী অসম উপস্থিত শিৱসাগৰৰ কাথপাৰ গাঁৱত।ৰূপান্তৰ কাকতিৰ কাথপাৰ উজনি গাঁৱত কালি ম্যানমাৰ স্থিত আলফাৰ মুখ্য শিৱিৰৰ পৰা আহি একমাত্ৰ কণ্যা সহিত উপস্থিত হয় মাজনী। ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত ডিমৌ নিতাইপুখুৰীৰ ঘৰ এৰি আলফা স্বাধীনত যোগদান কৰিছিল মাজনীয়ে।২০১৪ চনৰ ২০ মে'ত বিবাহ পাশত আৱদ্ধ হৈছিল ৰূপান্তৰ কাকতিৰ সৈতে।যোৱা ৪ জুন তাৰিখে ম্যানমাৰৰ শিৱিৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৰূপান্তৰৰ।স্বামীৰ বিয়োগৰ পাছত একমাত্ৰ ৪ বছৰীয়া কন্যা সন্তানৰ শিক্ষা আৰু ভৱিষ্যতৰ কাৰণে চিন্তা কৰি ঘূৰি আহিল মাজনী।আলফাৰ কোম্পানী মুখ্য শিৱিৰ আৰু কোম্পানী মুখ্য শিৱিৰত থকা মাজনীয়ে নগালেণ্ড হয় প্ৰৱেশ কৰিছিল অসমত।বৰ্তমান শিৱসাগৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰা মাজনীয়ে অনাগত দিনত স্বামী ৰূপান্তৰ কাকতিৰ কাথপাৰ গৃহত স্থায়ী ভাৱে বসবাস কৰিব।
Bite1-মাজনী দাস
Bite2-আৰক্ষী অধীক্ষকConclusion: