শিৱসাগৰ, 28 আগষ্ট : সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত (Tingalibam Tea Estate) সংঘটিত হত্যাকাণ্ডৰ দুই অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ চৰাইদেউ আৰক্ষী (Charaideu Police)ৰ অভিযানত গ্ৰেপ্তাৰ দুই হত্যাকাৰী ক্ৰমে ৰোহন গোৱালা আৰু বাদলু প্ৰজা ৷ দুই অপৰাধীক আটক কৰাৰ পাছতে বাগিচাৰ ক্ষুদ্ধ শ্ৰমিকে উত্তাল কৰি তোলে টিঙালীবাম আক্ষৰী চকীৰ (Tingalibam Police Station) পৰিৱেশ ৷
ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত সোণাৰি সদৰ আৰক্ষী চকীলৈ অনা হয় দুয়ো হত্যাকাৰীকে ৷ উল্লেখ্য যে, চলিত সপ্তাহৰৰ সোমবাৰে সমনীয়াৰ সৈতে খৰি বিচাৰি যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকী ৷ ইপিনে সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত চাহ বাগিচাৰ মাজত এটা নলাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ ৷
তাৰ পাচতেই আৰক্ষীয়ে টিঙালীবাম চাহ বাগিচাত অপৰাধীক বিচাৰি চলাইছিল অভিযান । এই অভিযানৰ সময়ত মৃতদেহ উদ্ধাৰ হোৱা স্থানত মঙলবাৰে হাবিৰ মাজত উদ্ধাৰ হৈছিল দুখন কৈ চোকা দা ।
ইফালে কিশোৰী গৰাকীৰ লগত যোৱা দুই সমনীয়াৰ ভাষ্য অনুসৰি চাহ বাগিচাৰ মাজত এজন লোকে মৃত কিশোৰী গৰাকী ৰ'বলৈ কৈ বাকী সকলক ধমকি দি উভতাই পঠাইছিল চাহ বাগিচাৰ পৰা । সেই সূত্ৰৰ পম খেদি টিঙালীবাম আৰক্ষী চকীলৈ সোধা-পোছৰ বাবে অনা চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ মাজৰ পৰা ৰোহন গোৱালাক কিশোৰী গৰাকীৰ সৈতে খৰি বিচাৰি যোৱা সমনীয়াই কৰা চিনাক্তকৰণৰ ভিত্তিত প্ৰথমে আটক কৰে ৷ তাৰ পাচত ৰোহনৰ স্বীকাৰোক্তিৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাদলু প্ৰজাক ।
লগতে পঢ়ক : ড৹ নন্দ সিং বৰকলালৈ এই বছৰৰ যশস্বী অভিনেতা গুণ মহন্তৰ বঁটা