নাজিৰা, ৩ আগষ্টঃ কৰ'ণা মহামাৰীৰ মাজতে মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ অন্তৰ্গত চাউদাং গাঁৱৰ ৰাইজে ৷ গাঁওবাসীয়ে কোৱাৰেন্টাইন হৈ থকা এটি পৰিয়ালক তেওঁলোকৰ খেতিপথাৰত কঠীয়া ৰুই সহায় কৰি মানৱীয়তাৰ পৰিচয় দাঙি ধৰে ৷
লগতে পঢ়কঃ ক্ৰমাৎ পৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি
দৰাচলতে, কিছুদিন পূৰ্বে গাঁওখনৰ নাৰায়ন বৰুৱাৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ বৰ্তমান যুৱতীগৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে যদিও প্ৰশাসনে ঘৰটো কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ ফলশ্ৰুতিতি এই খেতিৰ দিনকেইটাতো পৰিয়ালটোৰ সকলো সদস্য কোৱাৰেন্টাইন হৈ থাকিবলগীয়া হৈছে ৷ সেয়ে পৰিয়ালটোক সহায় কৰিবলৈ আগুৱাই আহিছে গাঁওবাসী ৷
সকলো ৰাইজে নাৰায়ন বৰুৱাক সহায় কৰাৰ উদ্দেশ্যে টেক্টৰেৰে হাল বায় ভুঁই ৰুই পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰে ।উল্লেখ্য যে, পৰিয়ালটোৰ বিপদৰ সময়ত শিৱসাগৰ হাঁহচৰাৰ চাউদাং গাওঁবাসী ৰাইজে যি সহায় কৰিলে তাক একেমুখে শলাগিছে সকলোৱে ।