শিৱসাগৰ, 11 ডিচেম্বৰ : আকৌ চৰ্চাত 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ (Legend Soccer Diego Maradona)ৰ ঘড়ীৰ প্ৰসংগ ৷ ডুবাইৰ পৰা ডিয়েগ’ মাৰাডোনাৰ ঘড়ী পালেহি অসম ৷ ‘ফুটবলৰ ঈশ্বৰ’ৰ ঘড়ী পিন্ধি তহল দিছে শিৱসাগৰৰ ৱাজিদ হুছেইনে ৷
আপুনি হয়তো ভাবিছে ডিয়েগ’ মাৰাডোনাৰ ঘড়ী কেনেকৈ পালে শিৱসাগৰৰ ৱাজিদে ? শিৱসাগৰৰ ৱাজিদ বাৰু ডিয়েগ’ মাৰাডোনাৰ বন্ধু নেকি ? ৱাজিদক বাৰু ডিয়েগ’ মাৰাডোনাই এই ঘড়ীটো উপহাৰ দিলে নেকি ? পিছে ৰ’ব, আপুনি বা মই ভবাৰ দৰে এই কাহিনী নহয় ৷ কথা বেলেগহে...
আপোনাৰ হয়তো মনত আছে, কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ বিশেষ ঘড়ীটোৰ প্ৰসংগ ৷ কিয়নো ডুবাইৰ পৰা চুৰি হৈছিল মাৰাডোনাৰ বিশেষ ঘড়ীটো ৷ অৱশেষত অন্ত পৰিল উৎকণ্ঠাৰ ৷ উদ্ধাৰ হ’ল ঘড়ীটো ৷
বৃহস্পতিবাৰে শিৱসাগৰত মাৰাডোনাৰ চুৰি হোৱা হাতঘড়ীটো উদ্ধাৰ (Maradona's Watch found in Sivsagar) হৈছে । শিৱসাগৰ আৰক্ষীয়ে নগৰৰ সমীপৰ দৰিকাঘাটৰ ৱাজিদ হুছেইন নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰিছে হাতঘড়ীটো । লগতে এই সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে হুছেইনক ৷
জানিব পৰা মতে, ৱাজিদ হুছেইন নামৰ লোকজনে ২০১৬ চনৰ পৰা ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ (Allawar Enterprise Company) নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কামত নিয়োজিত হৈ আছিল । চলিত বছৰৰ আগষ্ট মাহত ঘৰলৈ অহা ৱাজিদক নাইজেৰিয়াৰ ডেৰিক নামৰ এজন লোকে এটা ঘড়ী দিছিল । যিটো ঘড়ী ব্যৱহাৰ কৰি আছিল ৱাজিদে ।
ডেৰিকে ডুবাইত ম'ৰ স্পেচ নামৰ কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল । মাজে সময়ে ৱাজিদে ডেৰিকৰ পৰা কাপোৰ, জোতা আদি আনে । এইবাৰ এটা ঘড়ীৰ দৰকাৰ বুলি কওঁতে এই ঘড়ীটো ডেৰিকে ৱাজিদক দিছিল ।
এই ঘড়ীটোৱে আছিল ফুটবল সম্ৰাট মাৰাডোনাৰ ৷ যিটো মাৰাডোনাৰ মৃত্যুৰ আগত চুৰি হৈছিল । ঘটনা প্ৰসংগত ডুবাই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল ৷
উক্ত হাবলট কোম্পানীৰ ঘড়ীটো শিৱসাগৰৰ ৱাজিদৰ হাতত আছে বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে । সেই প্ৰসংগত বৃহস্পতিবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে ৱাজিদক গ্ৰেপ্তাৰ কৰি মাৰাডোনাৰ ঘড়ীটো উদ্ধাৰ কৰে ।
লগতে পঢ়ক : Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য