ETV Bharat / state

চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা শিৱসাগৰৰ ৰাইজৰ - বিধ্বস্ত

বিগত বিশ বছৰ ধৰি শিৱসাগৰ নগৰ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ বিধ্বস্ত অৱস্থাত আছে ৷ এই পথ নিৰ্মাণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনালে শিৱসাগৰৰ বৰপাত্ৰ আলীবাসীয়ে ৷ নিবেদনৰ ফাইল পৰ্বতসম হৈছে যদিও চৰকাৰৰ অনুমোদন নোপোৱাৰ অভিযোগ গাঁওবাসীৰ ৷

চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা শিৱসাগৰৰ ৰাইজৰ
author img

By

Published : Apr 6, 2019, 1:44 PM IST

শিৱসাগৰ , 6 এপ্ৰিল : বিগত কুৰি বছৰে নিৰ্মাণ নোহোৱা এটা পথ নিৰ্মাণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি শনিবাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনালে শিৱসাগৰৰ বৰপাত্ৰ আলীবাসীয়ে ৷ 34 খন গাঁও সংযোগী এই বিধ্বস্ত পথটো নিৰ্মাণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৷

চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা শিৱসাগৰৰ ৰাইজৰ

শিৱসাগৰ নগৰ সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৰ মাজত সৃষ্টি হৈছে বৃহৎ গাঁত ৷ ইপিনে পথটোৰ দুৰৱস্থাৰ বাবে বিগত দিনত বহু দুৰ্ঘটনা সংঘটিত হৈছে বুলি জনাই গাঁওবাসীয়ে ৷ তদুপৰি পথটোৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইনটোত লেভেল ক্ৰচিং নাই বুলিও অভিযোগ গাঁওবাসীৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি 1998 চনৰ পৰা পথটো নিৰ্মাণৰ বাবে ৰাইজে আবেদন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ ইয়াৰোপৰি উন্মুক্ত ৰে’ল লাইন সন্দৰ্ভত ৰেলমন্ত্ৰী ৰাজেন গোহাঁইক ৰাইজে আৱেদন কৰিও কোনো ফল নধৰাৰ অভিযোগ ৰাইজৰ । অৱশেষত উপায়ন্তৰ হৈ ৰাইজ শৰণাপন্ন হ'ল ভগৱানৰ চৰণত ৷ পথৰ ওপৰত ৰাইজে অনুষ্ঠিত কৰিলে নাম-কীৰ্ত্তন । ভগৱানৰ ওচৰত ৰাইজৰ এয়ে প্ৰাৰ্থনা যে পথটোৰ প্ৰতি সদয় হওঁক গড়কাপ্তানী বিভাগ ৷ যদি ইমানটো চৰকাৰ সদয় নহয় তেন্তে নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৰাইজে ।

*বিগত বিশ বছৰে নিৰ্মাণ নোহোৱা এটা পথ-শিৱসাগৰৰ ৰাইজে পথ নিৰ্মাৰ বাবে শৰাই আগবঢ়ালে-নিৰ্বাচন বৰ্জনৰ হুংকাৰ*
Story-BROKEN_ROAD
Ananta Smith
Sivasagar
06th April

A_SVR_06H_APR_803-806_BROKEN_ROAD_ANANTA

শিৱসাগৰৰ এটা পথ।বিশ বছৰে নিৰ্মাণ নোহোৱা এটা পথত শিৱসাগৰীয়াই শৰাই আগবঢ়ালে।পথ নিৰ্মাণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ আগত প্ৰাৰ্থনা আগবঢ়ালে।

বৰপাত্ৰ আলি।শিৱসাগৰ নগৰ সংযোগী এক গুৰুত্বপূৰ্ণ পথ।ভাধৰা-বেতবাৰী আদিকে কৰি প্ৰায় ৩৪ খন গাঁও সংযোগী এই পথটো বিধ্বস্ত।পথৰ মাজত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত।তথাপিও কাণষাৰ নাই বিভাগৰ।পথৰ দুৰৱস্থাৰ বাবে সংঘটিত হৈছে বহু দূৰ্ঘটনা।১৯৯৮ চনৰ পৰা পথটো নিৰ্মাণৰ বাবে আৱেদন নিবেদন কৰি আহিছে ৰাইজে।কিন্তু চকু মুকলি হোৱা নাই চৰকাৰৰ।নিবেদনৰ ফাইল পৰ্বতসম হৈছে তথাপিও চৰকাৰৰ অনুমোদন নাই।এই পথৰ মাজেৰে পাৰ হৈ যোৱা ৰেল লাইনত নাই লেভেল ক্ৰচিং।ৰেলমন্ত্ৰী ৰাজেন গোঁহাইক আৱেদন কৰিও ফল নধৰিল।অৱশেষত ৰাইজ ভগৱানৰ শৰণাপন্ন হল।পথৰ ওপৰত অনুষ্ঠিত কৰিলে নাম-কীৰ্ত্তন।শৰাই আগবঢ়াই প্ৰৰ্থনা জনালে চৰকাৰৰ চকু মুকলি হওঁক।পথটোৰ প্ৰতি সদয় হওঁক গড়কাপ্তানী বিভাগ।সন্মিলিত শিৱসাগৰৰ ৰাইজে ভগৱানৰ শৰণ লৈছে থ নিৰ্মাণৰ বাবে।যদি ইমানটো চৰকাৰ সদয় নহয় তেন্তে নিৰ্বাচন বৰ্জন কৰিব ৰাইজে।

Bite-স্থানীয় লোক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.